November 4, 2026 11:00 AM | sarbananda sonwal

printer

দেশত ২০৪৭ চনৰ ভিতৰত উপকূলীয় আৰু অভ্যন্তৰীণ জলপথৰ অৱদান ১২ শতাংশলৈ বৃদ্ধিৰ লক্ষ্য

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০৪৭ চনৰ ভিতৰত দেশৰ মুঠ মালবাহী পৰিবহণত উপকূলীয় আৰু অভ্যন্তৰীণ জলপথৰ অংশ বৰ্তমানৰ ৬ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। উপকূলীয় আৰু ক্রুজ জাহাজ পৰিবহণ ব্যৱস্থাৰ সুদৃঢ়কৰণ সন্দৰ্ভত অনুষ্ঠিত মন্ত্ৰালয়ৰ উপদেষ্টা বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে কালি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১২ বছৰত দেশৰ সামুদ্রিক খণ্ডত অভূতপূৰ্ব পৰিৱৰ্তন হৈছে। চৰকাৰে উপকূল আৰু নদীসমূহক অর্থনৈতিক বিকাশৰ চালিকা শক্তিলৈ ৰূপান্তৰিত কৰাৰ বাবে নিৰন্তৰ কাম কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা কষ্টেল কা প্ৰমোচন আঁচনিৰ জৰিয়তে সামুদ্রিক উপকূলীয় মালবাহী পৰিবহণ ব্যৱস্থাত উদগণি যোগোৱাৰ লগতে মালিক, উপকূলীয় জাহাজ পৰিচালক আৰু বহুমুখী পৰিবহণ ব্যৱস্থাৰ সৈতে জড়িত প্রতিষ্ঠানসমূহক বিভিন্ন সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। একেদৰে ২০২৪ চনৰ ছেপ্তেম্বৰত আৰম্ভ কৰা ক্রুজ ভাৰত মিছনৰ অধীনত ২০২৯ চনৰ মাৰ্চৰ ভিতৰত দেশত সাগৰীয় ক্রুজ যাত্ৰীৰ সংখ্যা ১০ লাখলৈ বৃদ্ধি কৰা আৰু ৪ লাখ কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্য লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।