November 4, 2026 11:00 AM
2
দেশত ২০৪৭ চনৰ ভিতৰত উপকূলীয় আৰু অভ্যন্তৰীণ জলপথৰ অৱদান ১২ শতাংশলৈ বৃদ্ধিৰ লক্ষ্য
কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০৪৭ চনৰ ভিতৰত দেশৰ মুঠ মালবাহী পৰিবহণত উপকূলীয় আৰু অভ্যন্তৰীণ জলপথৰ অংশ বৰ্তমানৰ ৬ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। উপকূলীয় আৰু ক্রুজ জাহাজ পৰিবহণ ব্যৱস্থাৰ সুদৃঢ়কৰণ সন্দৰ্ভত অনুষ্ঠিত মন্ত্ৰালয়ৰ উপদেষ্টা বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে কালি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১২ বছৰত দেশৰ সামুদ্রিক খণ্ডত অভূতপূৰ্ব পৰিৱৰ্তন হৈছে। চৰকাৰে উপকূল আৰু নদীসমূহক অর্...