November 3, 2026 11:20 AM | state govt

printer

ৰাজ্যৰ ১৮ খন জিলাৰ ৭৭৬ খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ

ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ ১৮ খন জিলাৰ ৭৭৬ খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে জিলাসমূহৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰধান শিক্ষক নিযুক্তিৰ বাবে কালিৰ পৰা আৰম্ভ হোৱা কেডাৰ বাচনি প্রক্রিয়া অহা ১১ নৱেম্বৰত সামৰণি পৰিব। ইয়াৰ পাছত ১২ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ জিলা পৰ্যায়ৰ বাচনি সমিতি গঠন হ’ব। বাচনি সমিতিয়ে ১৭ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰৰ ভিতৰত ৰাজ্যিক পৰ্যায়লৈ প্ৰধান শিক্ষকৰ বাবে বাচনিকৃত তালিকা ৰাজ্যিক পৰ্যায়ৰ সমিতিলৈ প্ৰেৰণ কৰিব লাগিব। ৰাজ্যিক পৰ্যায়ৰ সমিতিয়ে প্রধান শিক্ষকৰ তালিকা চূড়ান্ত কৰিব।

ইপিনে, ১০ খন জিলাৰ ৮৮ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰো অধ্যক্ষ নিযুক্তিৰ প্ৰক্ৰিয়া চলোৱা হৈছে। সেই অনুসৰি মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে খালী হোৱা অধ্যক্ষ পদৰ সবিশেষ অহা ১০ নৱেম্বৰৰ ভিতৰত দাখিল কৰিবলৈ বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলক নিৰ্দেশ দিছে।