June 9, 2026 11:58 AM

views 8

ৰাজ্য চৰকাৰৰ চলিত শিক্ষাবৰ্ষৰ জলপানিৰ বাবে আবেদন বিচাৰি বিজ্ঞপ্তি জাৰি

ৰাজ্য চৰকাৰৰ অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ অধিকাৰীৰ কাৰ্যালয়ৰ পৰা চলিত শিক্ষাবৰ্ষৰ জলপানিৰ বাবে আবেদন বিচাৰি বিজ্ঞপ্তি জাৰি কৰা হৈছে। অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত ছাত্ৰ-ছাত্ৰীৰ পৰা ৰাষ্ট্ৰীয় জলপানি প'ৰ্টেল – এন এছ পিৰ জৰিয়তে আবেদনৰ আহ্বান জনোৱা হৈছে। মুঠ পাঁচখন আঁচনিৰ অধীনত এই জলপানি প্ৰদান কৰা হ'ব। ইয়াৰে ভিতৰত নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে জলপানি, অনুসূচিত জাতিৰ শিক্ষাৰ্থীৰ বাবে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ জলপানি, অনুসূচিত জাতিৰ শিক্ষাৰ্থ...

December 19, 2025 7:05 PM

views 138

ৰাজ্য চৰকাৰৰ শিল্পী স্বাস্থ্য বীমা আঁচনিৰ বাবে বিশেষ অনলাইন প’র্টেল মুকলি

ৰাজ্য চৰকাৰে শিল্পীসকলে ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্যলৈ আগবঢ়োৱা অবদানক স্বীকৃতি দি তেওঁলোকক সামাজিক সুৰক্ষা আৰু চিকিৎসা সুবিধা প্ৰদানৰ লক্ষ্যৰে শিল্পী স্বাস্থ্য বীমা আঁচনি ৰূপায়ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে এটা বিশেষ অনলাইন প'র্টেল মুকলি কৰা হৈছে। ১৮ ৰ পৰা ৭০ বছৰ বয়সৰ শিল্পীসকলে www.filmfinance.assam.gov.in বেবছাইটত গৈ এই শিল্পী স্বাস্থ্য বীমা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। শিল্পীসকলে অহা ৭ জানুৱাৰীৰ নিশা ১২ বজাৰ ভিতৰত আবেদন কৰিব লাগিব।

November 12, 2025 12:41 PM

views 54

ৰাজ্যত পুনৰ লটাৰী খেল অনুষ্ঠিত কৰাৰ বাবে অনুমতি ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে কেতবোৰ চৰ্তসাপেক্ষে ৰাজ্যত পুনৰ লটাৰী অথবা উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দর্ভত পূৰ্বৰ এটা নির্দেশনা খাৰিজ কৰি ৰাজ্যত লটাৰী অনুষ্ঠিত কৰা-নকৰা সন্দৰ্ভত বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিছিল। এই নির্দেশৰ পাছতে কালি ৰাজ্যৰ বিত্ত বিভাগে ৰাস মহোৎসৱ, লক্ষ্মী পূজা, দৌল উৎসৱ আদিত জিলা আয়ুক্তই এই খেলৰ বাবে অনুমতি দিব পাৰিব বুলি নির্দেশ দিছে। অৱশ্যে ইয়াৰ বাবে লটাৰী অনুষ্ঠিত কৰা উদ্যোক্তা সমিতিয়ে লিখিতভাৱে জিলা আয়ুক্তৰ পৰা অনুমতি লব লাগিব। জ...

November 12, 2025 12:34 PM

views 38

ৰাজ্য চৰকাৰ গুগলৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰক লৈ এখন বিশেষ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

জনসাধাৰণৰ কাম আৰু চৰকাৰৰ সেৱাসমূহ অধিক স্বচ্ছ আৰু ক্ষিপ্ৰতাৰ লগতে নিয়াৰিকৈ উপলব্ধ কৰাত সহায়ক হোৱাকৈ প্রশাসনত কৃত্রিম বুদ্ধিমত্তাৰ বহুল প্রয়োগত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। অসম তথা উত্তৰ-পূব ভাৰতক এ আই হাবৰূপে প্ৰতিষ্ঠাৰ বাবেও প্রয়োজনীয় কাৰিকৰী সামৰ্থ আহৰণ আৰু আন্তঃগাঁথনিৰ বিকাশত চৰকাৰে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। এই সন্দৰ্ভত কালি মন্ত্রী কেশৱ মহন্ত আৰু ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটাৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ তথ্য প্রযুক্তি বিভাগে গুগলৰ সৈতে প্ৰশাসনত কৃত্রিম বুদ্ধিমত্তা বিষয়ক এখন বুজাবুজ...

August 7, 2025 12:45 PM

views 39

বিদেশী ন্যায়াধীকৰণত ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ জাৰী ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে বিদেশী ন্যায়াধীকৰণত ৰুজু হৈ থকা ৬টা ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ জাৰী কৰিছে। এই অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অসমত প্ৰৱেশ কৰা হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, শিখ, পাৰ্চী আৰু জৈন ধৰ্মাৱলম্বী লোকৰ গোচৰসমূহ প্ৰত্যাহাৰ কৰা হ’ব। দিছপুৰত যোৱা ১৭ জুলাইত অনুষ্ঠিত গৃহ আৰু ৰাজনৈতিক বিভাগৰ এখন বৈঠকত ৰাজ্যৰ ১০০ খন বিদেশী নায়াধীকৰণত ৰুজু হৈ থকা এই ৬টা ধৰ্মাৱলম্বী  লোকসকলৰ গোচৰসমূহ প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হৈছিল। ৰাজ্য চৰকাৰে এই বিষয়টোৰ ক্ষেত্ৰত বিদেশী ন্যায়াধীকৰণৰসম...

May 20, 2025 12:21 PM

views 41

ৰাজ্যত বিগত ৪ বছৰত ৰাজহ সংগ্ৰহ ৮৩ শতাংশ বৃদ্ধি হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ

অসম চৰকাৰে কৰ ব্যৱস্থাৰ ক্ষেত্ৰত কৰা সংস্কাৰৰ বাবে বিগত ৪ বছৰত ৰাজ্যখনত ৰাজহ সংগ্ৰহ ৮৩ শতাংশ বৃদ্ধি হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি ২০২০-২১ বৰ্ষত কৰ, আবকাৰী, পৰিবহণ, পঞ্জীয়ন, খনি আৰু খনিজ, বন আৰু অন্য বিভাগসমূহৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ ১৯ হাজাৰ ৯৩০ কোটি টকা আছিল। ২০২৪-২৫ বিত্তীয় বৰ্ষত এই পৰিমাণ ৩৬ হাজাৰ ৫৪৯ কোটি টকালৈ বৃদ্ধি পাইছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কৌশলী বিত্তীয় ব্যৱস্থাপনাৰ জৰিয়তে ৰাজ্যখনত দ্রুত বিকাশ পৰিলক্ষিত হৈছে। ২০২৪-...

April 28, 2025 12:56 PM

views 44

গুৱাহাটীৰ নলাসমূহ নিষ্কাশনৰ দুঘণ্টাৰ ভিতৰত বোকা আঁতৰোৱাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ

গুৱাহাটী মহানগৰীত বানৰ সমস্যা সমাধানৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে মহানগৰীখনৰ নলাসমূহ নিষ্কাশনৰ দুঘণ্টাৰ ভিতৰতে বোকা আঁতৰোৱাৰ নিৰ্দেশ দিয়া হৈছে। মহানগৰ জিলা প্ৰশাসন আৰু জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে নলা নিষ্কাশনৰ পাছত ২৪ ঘণ্টাতকৈ অধিক সময় ধৰি নলাৰ কাষত বোকাসমূহ পেলাই থোৱাৰ ফলত বৰষুণত এই বোকাসমূহ পুনৰ নলাত সোমাই যায়। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এই নিৰ্দেশ জাৰি কৰে।

February 8, 2025 1:19 PM

views 40

ৰাজ্য চৰকাৰৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদানৰ ক্ষেত্ৰত পূৰ্বে জাৰি কৰা নিৰ্দেশনাৰ কিছু সালসলনি

ৰাজ্য চৰকাৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক স্কুটী প্ৰদানৰ ক্ষেত্ৰত পূৰ্বে জাৰি কৰা নিৰ্দেশনাৰ শেহতীয়াকৈ কিছু সালসলনি ঘটনাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই সন্দৰ্ভত কয়, যে ৰাজ্য চৰকাৰে বিশেষ বিবেচনাৰে এই বৰ্ষৰ নিয়মীয়া পাঠ্যক্ৰমৰ উপৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত কোচিং চেণ্টাৰত নামভৰ্তি কৰা যোগ্য ছাত্ৰ-ছাত্ৰীকো স্কুটী প্ৰদানৰ সিদ্ধান্ত লৈছে। বিৰতিবৰ্ষ অর্থাৎ গেপ ইয়েৰৰ পাছত নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলে পা...

January 20, 2025 1:09 PM

views 46

ৰাজ্য চৰকাৰৰ নিজস্ব ৰাজহ সংগ্রহ ৫০ শতাংশ পর্যন্ত বৃদ্ধি হোৱা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

২০১৮-১৯ বিত্তীয় বৰ্ষৰ তুলনাত শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ নিজস্ব ৰাজহ সংগ্রহ ৫০ শতাংশ পর্যন্ত বৃদ্ধি হোৱা বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি ২০১৮-১৯ বৰ্ষত অসম চৰকাৰৰ মুঠ নিজা ৰাজহ ২৪ হাজাৰ ১৪৬ কোটি টকা আৰু ২০২০-২১ বৰ্ষত ২০ হাজাৰ ৩৩ কোটি আছিল যদিও ২০২১-২২ বৰ্ষত সেই পৰিমাণ ২৩ হাজাৰ ১১৩ কোটি টকা, ২০২২-২৩ বৰ্ষত ৩০ হাজাৰ ২৬৩ কোটি টকা আৰু ২০২৩-২৪ বৰ্ষত ৩৪ হাজাৰ ৮১ কোটি টকালৈ বৃদ্ধি পায়। ২০২৪-২৫ বিত্তীয় বর্ষ সম্পূর্ণ হোৱালৈ এই পৰিমাণ ৩৬ হাজাৰ কোটি টকা অ...

December 31, 2024 1:41 PM

views 50

ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলৰ কল্যাণৰ হকে ৰাজ্য চৰকাৰৰ বিশেষ ব্যৱস্থা

ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলৰ কল্যাণৰ হকে ৰাজ্য চৰকাৰে কাইলৈৰ পৰা বিশেষ ব্যৱস্থাৰ সূচনা কৰিছে। সেই অনুসৰি কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি পাৰস্পৰিক বদলিকৰণৰ পোৰ্টেল স্বাগত সতীর্থ মুকলি কৰা হ'ব। কৰ্মচাৰীসকলে চাকৰি কালত দুবাৰকৈ এই সুবিধা গ্ৰহণ কৰিব পাৰিব।