ৰাজ্য চৰকাৰৰ অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ অধিকাৰীৰ কাৰ্যালয়ৰ পৰা চলিত শিক্ষাবৰ্ষৰ জলপানিৰ বাবে আবেদন বিচাৰি বিজ্ঞপ্তি জাৰি কৰা হৈছে। অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত ছাত্ৰ-ছাত্ৰীৰ পৰা ৰাষ্ট্ৰীয় জলপানি প’ৰ্টেল – এন এছ পিৰ জৰিয়তে আবেদনৰ আহ্বান জনোৱা হৈছে। মুঠ পাঁচখন আঁচনিৰ অধীনত এই জলপানি প্ৰদান কৰা হ’ব। ইয়াৰে ভিতৰত নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে জলপানি, অনুসূচিত জাতিৰ শিক্ষাৰ্থীৰ বাবে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ জলপানি, অনুসূচিত জাতিৰ শিক্ষাৰ্থীৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰৱৰ্তী সময়ৰ বাবে জলপানি, অন্যান্য পিছপৰা শ্ৰেণীৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে জলপানি আৰু এই একেই শ্ৰেণীৰ অন্তৰ্ভুক্ত শিক্ষাৰ্থীৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰৱৰ্তী সময়ৰ বাবে জলপানি প্ৰদান কৰা হ’ব। আবেদনকাৰীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা অনুসূচিত জাতি বা অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্তিৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। বিস্তৃত তথ্যৰ বাবে https//scholarships.gov.in website চাব পাৰিব।
Assamese | June 9, 2026 11:58 AM | state govt
ৰাজ্য চৰকাৰৰ চলিত শিক্ষাবৰ্ষৰ জলপানিৰ বাবে আবেদন বিচাৰি বিজ্ঞপ্তি জাৰি