ৰাজ্য চৰকাৰে শিল্পীসকলে ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্যলৈ আগবঢ়োৱা অবদানক স্বীকৃতি দি তেওঁলোকক সামাজিক সুৰক্ষা আৰু চিকিৎসা সুবিধা প্ৰদানৰ লক্ষ্যৰে শিল্পী স্বাস্থ্য বীমা আঁচনি ৰূপায়ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে এটা বিশেষ অনলাইন প’র্টেল মুকলি কৰা হৈছে। ১৮ ৰ পৰা ৭০ বছৰ বয়সৰ শিল্পীসকলে www.filmfinance.assam.gov.in বেবছাইটত গৈ এই শিল্পী স্বাস্থ্য বীমা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। শিল্পীসকলে অহা ৭ জানুৱাৰীৰ নিশা ১২ বজাৰ ভিতৰত আবেদন কৰিব লাগিব।
Assamese | December 19, 2025 7:05 PM | state govt
ৰাজ্য চৰকাৰৰ শিল্পী স্বাস্থ্য বীমা আঁচনিৰ বাবে বিশেষ অনলাইন প’র্টেল মুকলি