উত্তৰ-পূৰ্বাঞ্চল

August 8, 2026 7:54 PM

views 27

ডিব্ৰুগড় জিলাত মন্ত্ৰী কৌশিক ৰায়ৰ ধান ক্রয় কেন্দ্ৰ পৰিদৰ্শনকে ধৰি কেইবাটাও কাৰ্যসূচীত অংশগ্রহণ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি ডিব্ৰুগড় জিলাৰ খেৰেমিয়া গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ গুদাম ঘৰ পৰিদৰ্শন কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মজুতৰ বুজ লয়।  মন্ত্ৰীগৰাকীয়ে অন্নসেৱা দিনৰ সমান্তৰালকৈ অহা ১০ আগষ্টৰ পৰা বিতৰণ কৰিবলগীয়া ৰাজ সাহায্যযুক্ত দাইল আৰু চেনিৰ পৰ্...

August 8, 2026 7:48 PM

views 37

কাজিৰঙাত আন্তঃগাঁথনি উন্নয়ন আৰু আধুনিকীকৰণৰ কেইবাটাও প্ৰকল্পৰ কামকাজ পৰিদৰ্শন বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কাজিৰঙাত বন বিভাগৰ কাৰ্যনিৰ্বাহ পদ্ধতিৰ আধুনিকীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা একাধিক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম-কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ নিকটৱৰ্তী বজুৰি গাঁৱত অৱস্থিত বন্যপ্রাণী পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰত ...

August 7, 2026 10:35 AM

views 31

বানত ক্ষতিগ্রস্ত চেলেংহাট-আমগুৰি-শিমলুগুৰি-শিৱসাগৰ টাউন ৰেলপথ সম্পূৰ্ণৰূপে কাৰ্যক্ষম

বানত ক্ষতিগ্রস্ত চেলেংহাট-আমগুৰি-শিমলুগুৰি-শিৱসাগৰ টাউন ৰেলপথটো কালিৰেপৰা সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিছে।  ইয়াৰ ফলত লামডিং আৰু শিৱসাগৰৰ মাজেৰে গুৱাহাটী-ডিব্ৰুগড় অভিমুখী প্ৰত্যক্ষ ৰে'লসেৱা পুনৰ আৰম্ভ কৰিব পৰা যাব। অতি কম সময়ৰ ভিতৰতে এই গুৰুত্বপূৰ্ণ ৰে'লপথটো পুনৰ মুকলি কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হি...

August 7, 2026 10:30 AM

views 58

অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ১২ আগষ্টপর্যন্ত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ১২ আগষ্ট পর্যন্ত অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অসম আৰু মেঘালয়ত আজি আৰু ১২ আগষ্টত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।  ৰাজ্য দুখনত কাইলৈ আৰু ১১ আগষ্টত দুই-এজাক বৰষুণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভ...

August 7, 2026 10:01 AM

views 36

অবিৰত বৰষুণ আৰু নদ-নদীৰ জলস্তৰ বৃদ্ধিৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক

অবিৰত বৰষুণ আৰু নদ-নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭ লৈ বৃদ্ধি পোৱাৰ লগতে ১৫ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও প্লাৱিত হৈ আছে।  ৪৮১ খন গাঁৱৰ ...

August 4, 2026 1:04 PM

views 49

অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অংশত কাইলৈপৰ্যন্ত প্ৰবল বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অংশত কাইলৈ পৰ্যন্ত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাছাৰ, ডিমা হাচাও, পশ্চিম কাৰ্বি আংলং, বিশ্বনাথ, লখিমপুৰ আৰু তিনিচুকীয়া জিলাৰ বহু অংশত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে অসমৰ নাগাল...

July 27, 2026 11:48 AM

views 35

ভাৰতীয় বায়ুসেনাই নাগালেণ্ডৰ বিভিন্ন অংশত আবদ্ধ হৈ পৰা লোকসকলক হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে

ভাৰতীয় বায়ুসেনাই নাগালেণ্ডৰ বিভিন্ন অংশত আবদ্ধ হৈ পৰা লোকসকলৰ হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰাজ্যখনত শেহতীয়াকৈ প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিভিন্ন ঠাইৰ বাট-পথসমুহেৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। বায়ুসেনাৰ হেলিকপ্টাৰে লংলেং জিলাৰ নামচাঙৰ পৰা মুঠ ৪২ জন লোকক উদ্ধাৰ কৰিছে। ইয়াৰ পূৰ্বে ...

July 27, 2026 11:44 AM

views 33

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং-বদৰপুৰ পাহাৰীয়া অংশত ৰে’লসেৱা ব্যাহত হৈ পৰিছে

উত্তৰ-পূব সীমান্ত ৰে'লৱেই ৰে'লপথ মেৰামতিৰ পৰিপ্ৰেক্ষিতত হাফলঙৰ নিউ হাৰাংগাজাও ষ্টেচনৰ এক আৰু দুই নম্বৰ ৰে'ল লাইনেৰে চলাচল বাতিল কৰাৰ ফলত লামডিং-বদৰপুৰ পাহাৰীয়া অংশত ৰে'লসেৱা ব্যাহত হৈ পৰিছে। বিভাগীয় সূত্রই জাৰি কৰা জাননী অনুসৰি বৰ্তমান কেৱল ৩ নম্বৰ লাইনেৰে বিয়লি ৭ বজাৰ পৰা পুৱা ৫ বজালৈ ৰে'ল চলাচল অব...

July 27, 2026 11:25 AM

views 40

নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ গে’ট খুলি দিয়াৰ পাছত নুমলীগড়ত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি

কেন্দ্রীয় জল আয়োগৰ তথ্য অনুসৰি নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নিষ্কাশনৰ চাৰিওখন গে'ট ২৩ জুলাইৰ পৰা খুলি দিয়াৰ পাছত নুমলীগড়ত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। প্রকল্পটোৰ চাৰিওখন গে'টেৰে কেইবালাখ ঘনমিটাৰ পানী এৰি দিয়া হৈছে। অনাগত চাৰিওটা দিনত ধনশিৰি নৈৰ জলপৃষ্ঠ বিপদ সীমাৰ পৰা আৰু ১.৬০ ...

July 23, 2026 12:09 PM

views 39

নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলপৃষ্ঠ ক্রমশঃ বৃদ্ধি

নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলপৃষ্ঠ ক্রমশঃ বৃদ্ধি পাইছে। আকাশবাণীৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে প্রকল্পটোত বৃহস্পতিবাৰে পুৱা জলপৃষ্ঠ ৩২১ মিটাৰত উপনীত হৈছে। প্রকল্পটোৰ তিনিওটা গোট সক্রিয় হৈ আছে আৰু প্রতি ছেকেণ্ডত প্রায় ১১৪.৮৫ ঘনমিটাৰ পানী বাহিৰলৈ নিৰ্গত কৰা হৈছে। ইপিনে অধিক পানী নির্গত হোৱাৰ...