বানত ক্ষতিগ্রস্ত চেলেংহাট-আমগুৰি-শিমলুগুৰি-শিৱসাগৰ টাউন ৰেলপথটো কালিৰেপৰা সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিছে।
ইয়াৰ ফলত লামডিং আৰু শিৱসাগৰৰ মাজেৰে গুৱাহাটী-ডিব্ৰুগড় অভিমুখী প্ৰত্যক্ষ ৰে’লসেৱা পুনৰ আৰম্ভ কৰিব পৰা যাব। অতি কম সময়ৰ ভিতৰতে এই গুৰুত্বপূৰ্ণ ৰে’লপথটো পুনৰ মুকলি কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে এই সংযোগ পুনৰ স্থাপনৰ জৰিয়তে উজনি অসমৰ সৈতে ৰাজ্যৰ অন্যান্য অঞ্চল তথা দেশৰ বিভিন্ন অংশৰ যোগাযোগ ব্যৱস্থা পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব।