অবিৰত বৰষুণ আৰু নদ-নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭ লৈ বৃদ্ধি পোৱাৰ লগতে ১৫ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও প্লাৱিত হৈ আছে।
৪৮১ খন গাঁৱৰ ১ লাখ ৬৮ হাজাৰৰো অধিক লোক আৰু ১৪ হাজাৰ ৩৮২ হেক্টৰৰো অধিক কৃষিভূমি সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হৈছে। বানপীড়িত লোকসকলক সহায় আগবঢ়াবলৈ সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্য মতে ৰাজ্যত ৫০ টা সাহায্য শিবিৰ তথা ৮৩ টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত ১০ সহস্রাধিক লোকে আশ্ৰয় লৈ আছে।
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্রীভূমি আৰু গোলাঘাট জিলাৰ বাবে অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। জিলাকেইখনৰ অঞ্চলবিশেষে স্থানীয় ৰাইজক নৈৰ কাষলৈ নাযাবলৈ আৰু বিপদসংকুল অঞ্চলত প্ৰৱেশ নকৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰা হৈছে।
শ্রীভূমি জিলাৰ কুশিয়াৰা নৈৰ জলস্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে নাগৰিকসকলক নৈৰপাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু নিজৰ সুৰক্ষাক সৰ্বাধিক গুৰুত্ব দিবলৈ আহ্বান জনাইছে। ইপিনে, গোলাঘাট জিলাৰ নুমলীগড়ত ধনশিৰি নৈৰ জলস্তৰো ক্ৰমাৎ বৃদ্ধি পাইছে।