August 7, 2026 10:01 AM

views 26

অবিৰত বৰষুণ আৰু নদ-নদীৰ জলস্তৰ বৃদ্ধিৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক

অবিৰত বৰষুণ আৰু নদ-নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭ লৈ বৃদ্ধি পোৱাৰ লগতে ১৫ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও প্লাৱিত হৈ আছে।  ৪৮১ খন গাঁৱৰ ১ লাখ ৬৮ হাজাৰৰো অধিক লোক আৰু ১৪ হাজাৰ ৩৮২ হেক্টৰৰো অধিক কৃষিভূমি সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হৈছে। বানপীড়িত লোকসকলক সহায় আগবঢ়াবলৈ সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্য মতে ৰাজ্...

June 30, 2026 6:13 PM

views 17

শেহতীয়া বানত ৰাজ্যৰ সাতখন জিলাৰ ৪৫ হাজাৰতকৈও অধিক লোক ক্ষতিগ্রস্ত

অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা শেহতীয়া বানত ৰাজ্যৰ সাতখন জিলাৰ ৪৫ হাজাৰতকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমৰ বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ সাতখন জিলাৰ ২৫৭ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচলত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে ধেমাজি জিলাৰ জোনাই, চিচিবৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজহচক্ৰৰ ১৭৬ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্রস্ত প্ৰায় ...