অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা শেহতীয়া বানত ৰাজ্যৰ সাতখন জিলাৰ ৪৫ হাজাৰতকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমৰ বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ সাতখন জিলাৰ ২৫৭ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচলত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে ধেমাজি জিলাৰ জোনাই, চিচিবৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজহচক্ৰৰ ১৭৬ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্রস্ত প্ৰায় ১২ হাজাৰ লোকৰ বাবে ৯টা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে ।
বিশ্বনাথ জিলাতো হেলেম আৰু গহপুৰ ৰাজহচক্ৰৰ কুৰিখন গাঁও আৰু লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু সোৱণশিৰি ৰাজহচক্ৰৰ ১৫ খন গাঁও প্লাৱিত হৈছে।
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে সম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগে সতর্কবাণী জাৰি কৰিছে।
ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱা জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে ছটা এনিমেল কৰিৰ্ডৰত অত্যাধুনিক চেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে।