‘আজাদী কা অমৃত মহোৎসৱ’ৰ উদযাপনৰ অংশ হিচাপে নাগালেণ্ডৰ ক’হিমাতো “হৰ ঘৰ তিৰংগা” প্রদর্শনী অনুষ্ঠিত

দেশজুৰি চলি থকা ‘আজাদী কা অমৃত মহোৎসৱ’ৰ উদযাপনৰ অংশ হিচাপে কালিৰে পৰা নাগালেণ্ডৰ ক’হিমাতো “হৰ ঘৰ তিৰংগা” প্রদর্শনী অনুষ্ঠিত হৈছে। কলা আৰু সংস্কৃতি বিভাগ তথা গৃহ বিভাগৰ যৌথ উদ্যোগত আয়োজিত এই বিশেষ প্রদর্শনীখন নাগালেণ্ড অসামৰিক সচিবালয়ৰ এক নম্বৰ গেটত অনুষ্ঠিত হৈছে৷

দেশৰ চহকী ঐতিহাসিক ঐতিহ্য প্ৰদৰ্শন কৰা আৰু দৰ্শকৰ মাজত দেশপ্ৰেমৰ ভাব জাগ্ৰত কৰাই এই প্ৰদৰ্শনীৰ মূল উদ্দেশ্য। শিক্ষাৰ্থীৰ লগতে সাধাৰণ লোককো এই প্রদর্শনী চাবলৈ আৰু উদযাপনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।

ৰাইজৰ অংশগ্রহণ বৃদ্ধি কৰাৰ লক্ষ্যেৰে দুটা মুখ্য স্থানত— প্ৰদৰ্শনীৰ মূল স্থান নাগালেণ্ড অসামৰিক সচিবালয়ৰ ১ নং গেট আৰু ক’হিমাৰ ৰাজ্যিক সংগ্ৰহালয়ত বিশেষ ফটো প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। সমান্তৰালকৈ দৰ্শকসকলক ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ফটো আৰু চেলফী তুলি ‘হৰ ঘৰ তিৰংগা’ৰ অফিচিয়েল প’ৰ্টেলত আপলোড কৰিবলৈ আহ্বান জনোৱা হৈছে।

কালিৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি গৃহ সচিব কুকো মেৰোৱে কয় যে ‘হৰ ঘৰ তিৰংগা’ অভিযান হ’ল সমগ্ৰ দেশৰ একতা, শক্তি আৰু অখণ্ডতা প্ৰদৰ্শন কৰাৰ এক ৰাষ্ট্ৰীয় প্রচেষ্টা। মেৰোৱে লগতে উল্লেখ কৰে যে এই তিৰংগা প্ৰদৰ্শনীখন “হৰ ঘৰ তিৰংগা ২০২৬” কাৰ্যসূচীৰ এক গুৰুত্বপূৰ্ণ অংশ, আৰু অনাগত দিনবোৰত ইয়াৰ সৈতে সংগতি ৰাখি ধাৰাবাহিকভাৱে বিভিন্ন স্মৰণীয় কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।