বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কাজিৰঙাত বন বিভাগৰ কাৰ্যনিৰ্বাহ পদ্ধতিৰ আধুনিকীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা একাধিক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম-কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ নিকটৱৰ্তী বজুৰি গাঁৱত অৱস্থিত বন্যপ্রাণী পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰত উপস্থিত হৈ কেন্দ্ৰটোৰ পুনর্বাসন ব্যৱস্থাৰ পৰ্যবেক্ষণ কৰে।
উল্লেখযোগ্য যে আঘাতপ্রাপ্ত, দুৰ্ঘটনাগ্ৰস্ত আৰু বানত উটি অহা বিভিন্ন বনৰীয়া জীৱ জন্তুক এই কেন্দ্ৰটোত উপযুক্ত চিকিৎসা প্ৰদান কৰি পুনৰ প্ৰকৃতিৰ মাজলৈ ঘূৰাই পঠিওৱা হয়। ২০০২ চনৰ আগষ্ট মাহত স্থাপিত এই কেন্দ্ৰ ৰাজ্যিক বন বিভাগ আৰু ৱাইল্ড লাইফ ট্রাষ্ট অৱ ইণ্ডিয়াৰ যুটীয়া প্ৰচেষ্টাত পৰিচালিত হয়। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত বনৰক্ষী সকলৰ বাবে হ’বলগীয়া ৩২টা ফ্লেটযুক্ত আৱাস গৃহৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰাৰ লগতে পূৱ অসম বন্যপ্রাণী সংমণ্ডলৰ ক্ষেত্ৰ সঞ্চালকৰ কাৰ্যালয়ো পৰিদৰ্শন কৰে।
বোকাখাত সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰা আৰু কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত বনমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ কঁহৰা বৰজুৰিত অনুষ্ঠিত বিশেষ গঁড় সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসতো অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যক এটা সুকীয়া পৰিচিতি দিয়া জাতীয় গৌৱৰ গঁড় সুৰক্ষাৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব বুলি মন্তব্য কৰে।