August 8, 2026 7:48 PM

views 32

কাজিৰঙাত আন্তঃগাঁথনি উন্নয়ন আৰু আধুনিকীকৰণৰ কেইবাটাও প্ৰকল্পৰ কামকাজ পৰিদৰ্শন বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কাজিৰঙাত বন বিভাগৰ কাৰ্যনিৰ্বাহ পদ্ধতিৰ আধুনিকীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা একাধিক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম-কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ নিকটৱৰ্তী বজুৰি গাঁৱত অৱস্থিত বন্যপ্রাণী পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰত উপস্থিত হৈ কেন্দ্ৰটোৰ পুনর্বাসন ব্যৱস্থাৰ পৰ্যবেক্ষণ কৰে।  উল্লেখযোগ্য যে আঘাতপ্রাপ্ত, দুৰ্ঘটনাগ্ৰস্ত আৰু বানত উটি অহা বিভিন্ন বনৰীয়া জীৱ জন্তুক এই কেন্দ্ৰটোত উপযুক্ত চিকিৎসা প্ৰদান কৰি পুনৰ প্ৰকৃতিৰ...

July 19, 2026 8:12 PM

views 19

বনাঞ্চলৰ ভূমি অবৈধভাৱে দখল কৰা লোকক উচ্ছেদ কৰা হ’ব আৰু অবৈধ দখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰ কঠোৰ হ’ব বুলি বন মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ মন্তব্য

সীমা বিবাদৰ নামত বন ধ্বংস কৰাতো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি বন আৰু পৰিৱেশ বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। আসন্ন বন্যপ্রাণী পর্যটন বৰ্ষৰ প্ৰস্তুতি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ সংৰক্ষণ তথা বহনক্ষম পৰ্যটনৰ সৰ্বাংগীন পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে কালি কঁহৰাস্থিত বন অভিবর্তন কেন্দ্রত অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। বনাঞ্চল দখলমুক্ত কৰা আৰু ধবংসৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সংকল্পৰ কথা দোঁহাৰি শ্ৰীবৰুৱাই কয়, যে চ...