ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অংশত কাইলৈ পৰ্যন্ত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাছাৰ, ডিমা হাচাও, পশ্চিম কাৰ্বি আংলং, বিশ্বনাথ, লখিমপুৰ আৰু তিনিচুকীয়া জিলাৰ বহু অংশত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।
বতৰ বিজ্ঞান বিভাগে অসমৰ নাগালেণ্ড সীমান্তৱৰ্তী প্ৰায়বোৰ জিলাতে য়েল্ল’ এলাৰ্ট জাৰি কৰিছে। বৰষুণৰ বাবে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলা প্ৰভাৱিত হোৱাৰ আশংকা কৰা হৈছে।
ইপিনে, কামৰূপ মহানগৰ জিলাত ধাৰাসাৰ বৰষুণৰ ফলত পানী জমা, আকস্মিক বান, ভূমিস্খলন হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছে আৰু তাৎক্ষণিক সঁহাৰি ব্যৱস্থাসমূহ সাজু কৰি ৰাখিছে।
দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই জিলাসমূহৰ লোকসকলক যাৱতীয় সাৱধানতা অৱলম্বন কৰাৰ লগতে সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনাইছে। দৈনিক অহা-যোৱা কৰা যাত্রী অথবা দূৰণিবটীয়া যাত্ৰীসকলক বতৰ বিজ্ঞানৰ জাননীৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰা কৰিবলৈ আৰু পৰাপক্ষত বৰষুণৰ সময়ছোৱাত যাত্ৰা এৰাই চলিবলৈ কোৱা হৈছে। একেদৰে নিম্ন অঞ্চল আৰু পাহাৰীয়া এলেকাত বাস কৰা লোকসকলক বান আৰু ভূমিস্খলনৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে।