দৰং জিলাৰ মঙলদৈ ৰাজহ চক্ৰৰ ঔতলা পঞ্চায়তৰ বেংগাবড়াৰ বানপীড়িত অঞ্চলত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পৰিস্থিতিৰ বুজ লয়। যোৱা ৫ আগষ্টত নোৱা নদীৰ বাঢ়নী পানীয়ে মথাউৰি ছিঙি নিয়াত বিস্তীর্ণ অঞ্চল বানৰ কবলত পৰিছিল। ইয়াৰ পাছৰে পৰা জলসম্পদ বিভাগে ভগ্ন মথাউৰিৰ মেৰামতি অব্যাহত ৰাখিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে আজি অঞ্চলটোত উপস্থিত হৈ মথাউৰি মেৰামতিৰ বুজ লোৱাৰ লগতে ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান শিবিৰ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অস্থায়ী বান শিবিৰটোত থকা বান ক্ষতিগ্রস্ত লোকৰ সমস্যাৰ বুজ লয়। নোৱা নৈৰ ভগ্ন মথাউৰিটো পুনৰ নিৰ্মাণৰ লগতে বানত ক্ষতিগ্রস্ত কৃষক ৰাইজক তেওঁ পৰ্যাপ্ত পৰিমাণে ক্ষতিপূৰণৰ আশ্বাস দিয়ে।

এই পৰিদৰ্শনৰ সময়ছোৱাত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী অশোক সিংহাল আৰু নীলিমা দেৱী উপস্থিত থাকে।