উত্তৰ-পূৰ্বাঞ্চল

July 1, 2026 2:24 PM

views 37

ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াৰ অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বান পৰিস্থিতিৰ পৰ্যালোচনা

ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াই কালি ধাৰাসাৰ বৰষুণৰ বাবে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে কয়, যে তেওঁ অঞ্চলসমূহৰ পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান তথা পুনৰ সংস্থাপনৰ বিষয়ে বুজ লয়। জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰ...

July 1, 2026 1:08 PM

views 43

অৰুণাচলত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে হেলিকপ্টাৰেৰে বান পৰিস্থিতি পৰিদৰ্শন কৰিব

দুদিনীয়া উত্তৰ-পূব ভ্রমণসূচীৰে কালি অৰুণাচলত উপস্থিত হোৱা কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি হেলিকপ্টাৰেৰে বান পৰিস্থিতি পৰিদৰ্শন কৰিব। মন্ত্ৰীগৰাকীয়ে কালি অৰুণাচলত বানত ক্ষতিগ্রস্ত লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। শ্রীচৌহানে ক্ষতিগ্রস্ত লোকসকলক কৰা সাক্ষাৎক...

June 29, 2026 12:19 PM

views 44

অৰুণাচল প্ৰদেশত হোৱা প্ৰবল বৰষুণ-ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল, ধেমাজিৰ ভালেসংখ্যক গাঁও বানৰ কবলত

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে। বিশেষকৈ ধেমাজি জিলাত কালি দুপৰীয়াৰে পৰা অৰুণাচলৰ পাহাৰীয়া নৈৰে বৈ অহা পানীৰ ঢলে বহু অঞ্চল বুৰাই পেলায়। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নি পানীয়ে বাহিৰ জোনাই, লুহিজান, লোহিতপুৰ দেউৰী, ...

June 29, 2026 11:56 AM

views 32

অসম চৰকাৰৰ গ্ৰন্থবৰ্ষ কাৰ্যক্ৰমণিকাৰ আধাৰত ২০২৫ বৰ্ষত ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা গ্ৰন্থমেলাৰ উদ্যোক্তাসকলক চেক প্ৰদান

অসম চৰকাৰৰ গ্ৰন্থবৰ্ষ কাৰ্যক্ৰমণিকাৰ আধাৰত ২০২৫ বৰ্ষত ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা গ্ৰন্থমেলাৰ উদ্যোক্তাসকলক কালি ৫ লাখ আৰু ২ লাখ ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়। গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ...

June 28, 2026 8:50 PM

views 31

মেঘালয়ৰ শিপাৰে প্ৰস্তুত কৰা দলঙক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি দিবলৈ আবেদন কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

আকাশবাণীৰ মন কি বাত অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মেঘালয়ৰ শিপাৰে প্ৰস্তুত কৰা দলঙৰ বিষয়ে উল্লেখ কৰি কয় যে এনে একোখন দলং নিৰ্মাণৰ বাবে কেইবাদশকৰ প্ৰয়োজন। ৰবৰ গছৰ শিপাসমূহ বছৰ বছৰ ধৰি নিৰ্দিষ্ট আকৃতিলৈ আনি এনে দলঙৰ প্ৰস্তুত কৰা হয়।  প্রধানমন্ত্রী মোদীয়ে কয় যে এই দলংসমূহ জীবিত আৰু সময়ৰ লগে লগ...

June 24, 2026 1:33 PM

views 42

অসম-অৰুণাচলত ধাৰাসাৰ বৰষুণৰ ফলত ভিন্ন অঞ্চলত ভূমিস্খলন

অসম আৰু অৰুণাচলত যোৱা কেইদিনমান ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ভালেমান অঞ্চল ভূমিস্খলনৰ কৱলত পৰিছে। ডিব্ৰুগড় জিলাৰ জয়পুৰৰ সীমামূৰীয়া অঞ্চলতো শেহতীয়াকৈ ভয়ংকৰ ভূমিস্খলন হয়। বিশেষকৈ অসম-অৰুণাচলৰ সীমামূৰীয়া তিৰাপৰ দুটা স্থানত হোৱা ভূমিস্খলনৰ ফলত ৩১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা অংশ খহি পৰাত যাতায...

June 14, 2026 7:44 PM

views 33

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ জিৰোলেণ্ডত ৯ জন বাংলাদেশী নাগৰিক আবদ্ধ হৈ আছে

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ জিৰোলেণ্ডত বিগত প্রায় ১৪ ঘণ্টা ধৰি ৯ জন বাংলাদেশী নাগৰিক আবদ্ধ হৈ আছে। তেওঁলোকৰ মাজত দুগৰাকী মহিলা আৰু দুটি শিশু আছে বুলি আকাশবাণীৰ মানকাচৰৰ সংবাদদাতাই জনাইছে। বাংলাদেশী নাগৰিক কেইজন যোৱা ১০ জুনত দালালৰ সহযোগত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ পাছতে আৰক্ষ...

June 12, 2026 4:51 PM

views 40

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে অহা ১৫ জুনত শ্বিলং ভ্রমণ কৰিব

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু যোগাযোগ বৃদ্ধিৰ উদ্দেশ্যে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে অহা ১৫ জুনত শ্বিলং ভ্রমণ কৰিব। মন্ত্ৰী শ্ৰী গাডকাৰীয়ে এই ভ্ৰমণকালত শ্বিলঙৰ লাৰিটি কলা কেন্দ্ৰৰ উত্তৰ-পূব ভাৰত আন্তঃগাঁথনি সন্মিলন ...

June 9, 2026 6:56 PM

views 33

মণিপুৰৰ সেনাপতি আৰু ইম্ফল পশ্চিম জিলাত নিচাযুক্ত সামগ্রীসহ ৩ জন লোকক গ্রেপ্তাৰ

মণিপুৰৰ সেনাপতি আৰু ইম্ফল পশ্চিম জিলাত আৰক্ষীয়ে নিচাযুক্ত সামগ্রীসহ তিনিজন লোকক গ্রেপ্তাৰ কৰে। সেনাপতি জিলাৰ সেনাপতি থানাৰ অন্তর্গত টি খুলেন নাকা চকীত নিৰাপত্তা বাহিনীয়ে কালি নিশা অভিযান চলাই এই সামগ্ৰীখিনি জব্দ কৰাৰ লগতে অসমৰ দুজন বাসিন্দাক গ্ৰেপ্তাৰ কৰে বুলি মণিপুৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সূত্ৰ...

June 5, 2026 7:42 PM

views 45

কেন্দ্ৰীয় চৰকাৰে স্মাৰ্ট ব’ৰ্ডাৰ পৰিযোজনাৰ অন্তিম পৰ্যায় কাৰ্যকৰী কৰাৰ বাবে কাম কৰি আছেঃ অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে সীমা সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে স্মাৰ্ট ব’ৰ্ডাৰ পৰিযোজনাৰ অন্তিম পৰ্যায় কাৰ্যকৰী কৰাৰ বাবে কাম কৰি আছে। ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰ লংকামুৰা- সীমান্ত আউট প’ষ্টত আজি অনুষ্ঠিত প্ৰহৰী সন্মিলনত অংশগ্রহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে ...