জৈৱ বৈচিত্র্য আইন, ২০০২ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি

জৈৱ বৈচিত্র্য আইন, ২০০২ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি কৰা হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণৰ পৰামৰ্শ অনুসৰি এই অধিসূচনা জাৰি কৰিছে।

অনুমোদিত সংৰক্ষণ স্থলীসমূহ দেশৰ জৈৱ বৈচিত্ৰ, প্ৰশাসন পৰিকাঠামোৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান বুলি বিবেচনা কৰা হয়। এই সংগ্ৰহালয়টোৱে বিভিন্ন বছা বছা উদ্ভিদৰ প্ৰজাতি নমুনা, সৰীসৃপ, উভচৰ, মাছ, পখিলা, ভেকুলি আদিৰ বিচিত্র প্ৰজাতিৰ নমুনা সংৰক্ষণ কৰিব।

উল্লেখযোগ্য যে মিজোৰাম বিশ্ববিদ্যালয়ৰ তত্বাৱধানত ২০২২ চনত স্থাপন কৰা এই প্রাকৃতিক ইতিহাস সংগ্ৰহালয় ভাৰত-বার্মা জৈৱ বৈচিত্ৰৰ মূল কেন্দ্ৰত অৱস্থিত। মিজোৰামৰ লগতে ইয়াৰ বিস্তীর্ণ উত্তৰ-পূৰ্বাঞ্চলত ৭,৫০০ ৰো অধিক ফুল আৰু দুহেজাৰৰো অধিক প্ৰাণীৰ প্ৰজাতি পোৱা যায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।