ডিব্ৰুগড় জিলাত মন্ত্ৰী কৌশিক ৰায়ৰ ধান ক্রয় কেন্দ্ৰ পৰিদৰ্শনকে ধৰি কেইবাটাও কাৰ্যসূচীত অংশগ্রহণ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি ডিব্ৰুগড় জিলাৰ খেৰেমিয়া গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ গুদাম ঘৰ পৰিদৰ্শন কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মজুতৰ বুজ লয়।

 মন্ত্ৰীগৰাকীয়ে অন্নসেৱা দিনৰ সমান্তৰালকৈ অহা ১০ আগষ্টৰ পৰা বিতৰণ কৰিবলগীয়া ৰাজ সাহায্যযুক্ত দাইল আৰু চেনিৰ পৰ্যাপ্ত মজুত নিশ্চিত কৰে। 

তেওঁ লগতে নিৰ্ধাৰিত সময়ত যাতে যোগ্য হিতাধিকাৰীয়ে এই সামগ্ৰীসমূহ লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ সমবায় সমিতি আৰু বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। শ্ৰীৰায়ে ইয়াৰ পূৰ্বে টেঙাখাটত থকা ধান ক্রয় কেন্দ্ৰ পৰিদৰ্শন কৰি ধানৰ প্ৰক্ৰিয়াকৰণ ব্যৱস্থা পৰ্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীৰ সৈতে এই পৰিদৰ্শনকালত শ্রম কল্যাণ মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ পৰিচালন সঞ্চালক পাৰিজাত ভূঞা উপস্থিত থাকে।

শ্ৰীৰায়ে পুৱাৰ ভাগত ডিব্ৰুগড়ৰ লাহোৱালস্থিত সুলভ মূল্যৰ দোকান পৰিদৰ্শন কৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বুজ লয়। তেওঁ দোকানত মজুত থকা খাদ্য সামগ্ৰীৰ গুণগত মান পৰীক্ষা কৰাৰ উপৰি সামগ্ৰীৰ ওজন জোখা ডিজিটেল যন্ত্ৰও পৰীক্ষা কৰে।

মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় জিলাৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনৰ নিৰ্মীয়মাণ টাউন হলটো আজি পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ বুজ লয়। গুণগত মান অক্ষুণ্ণ ৰাখি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শনকালত স্থানীয় বিধায়ক প্রশান্ত ফুকন, ডিব্ৰুগড়ৰ মেয়ৰ, উপ-মেয়ৰ, পৌৰ নিগমৰ আয়ুক্তৰ লগতে কেইবাগৰাকীও বিষয়াই সংগ দিয়ে।

মন্ত্ৰী শ্ৰীৰায়ে ইয়াৰ পূৰ্বে ডিব্ৰুগড় জিলা বিজেপি কার্যালয় পৰিদৰ্শন কৰাৰ লগতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, খাদ্য, ৰাজহুৱা বিতৰণ, গ্রাহক পৰিক্ৰমা বিভাগ আৰু সমবায় বিভাগৰ এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।