ৰাষ্ট্ৰীয়

July 19, 2026 12:20 PM

views 21

বিজেপিয়ে চৰকাৰৰ ইথানল মিহলি কাৰ্যসূচীক দেশৰ বৃহৎ নীতিগত সাফল্যসমূহৰ অন্যতম বুলি অভিহিত কৰিছে

বিজেপিয়ে চৰকাৰৰ ইথানল মিহলি কাৰ্যসূচীক দেশৰ বৃহৎ নীতিগত সাফল্যসমূহৰ অন্যতম বুলি অভিহিত কৰিছে। দলৰ তথ্য প্রযুক্তি কোষৰ মুৰববী অমিত মালব্যই কালি সামাজিক মাধ্যম যোগে কয়, যে এই আঁচনিয়ে খেতিয়কসকলৰ আয় বৃদ্ধি আৰু শক্তি সুৰক্ষা সুদৃঢ় কৰাত সহায় কৰাৰ লগতে আমদানিকৃত খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰিছে। তে...

July 19, 2026 11:38 AM

views 48

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা ঘোষণা; যদুমণি দত্তৰ জুইফুল-ৰ শ্রেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাসমূহ কালি ঘোষণা কৰা হয়। বিশিষ্ট পৰিচালক যদুমণি দত্তৰ জুইফুল-য়ে শ্রেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সাফল্যৰ বাবে চলচ্চিত্ৰখনৰ পৰিচালকসহ সকলো শিল্পী আৰু কলা-কুশলীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ম...

July 18, 2026 8:24 PM

views 25

গুজৰাটৰ আহমেদাবাদত সংঘটিত অগ্নিকাণ্ডৰ ফলত ৮ জনৰ লোকৰ মৃত্যু হোৱাৰ লগতে আন ১০ গৰাকী লোক গুৰুতৰভাৱে আহত

গুজৰাটৰ আহমেদাবাদত থকা এটা আতচবাজী নিৰ্মাণ কাৰখানাত সংঘটিত অগ্নিকাণ্ডৰ ফলত ৮ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে আন ১০ গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ আৱদ্ধ হৈ থকা আন শ্রমিকসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰে। আহতসকলক ...

July 18, 2026 8:21 PM

views 26

কাইলৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া অভিমুখে ৰাওনা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু কাইলৈ মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া অভিমুখে ৰাওনা হ'ব। দেশকেইখনৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণ মৰ্মে শ্ৰীমতী মুমুৱে দেশ তিনিখন ভ্ৰমণ কৰিব। এয়া হ'ব কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ মালডোভা আৰু উত্তৰ মেচিডনিয়ালৈ প্ৰথমটো ভ্রমণ। আনহাতে বিগত তিনি দশকৰ পাছত কোনো এগৰাকী ...

July 18, 2026 8:19 PM

views 16

নতুন দিল্লীত আজি ভাৰতীয় চিকিৎসা সংস্থাৰ বঁটা প্রদান

এখন সুস্থ সমাজ এখন শক্তিশালী দেশৰ মূল ভেটি। নতুন দিল্লীত আজি বিয়লি ভাৰতীয় চিকিৎসা সংস্থাৰ বঁটা প্রদান অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে চিকিৎ‍সাৰ সৈতে জড়িত ব্যক্তিসকলে কেৱল চিকিৎসা সেৱা প্ৰদান কৰাই নহয়, বৰং তেওঁলোকে দেশৰ উন্নয়নতো উল্লেখযো...

July 18, 2026 8:16 PM

views 28

অসমৰ লগতে অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত আজি ধাৰাষাৰ বৰষুণ হোৱাৰ আগজাননী ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত আজি ধাৰাষাৰ বৰষুণ হোৱাৰ আগজাননী দিছে। ইফালে পশ্চিমবংগ, চিকিম, চত্তিশগড়, বিহাৰ, মধ্যপ্রদেশ, হিমাচল প্রদেশ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, ওড়িশা আৰু উত্তৰখণ্ডতো কাইলৈ পৰ্যন্ত ধাৰাষাৰ বৰষুণ হোৱাৰ আগজাননী দিছে।

July 18, 2026 8:13 PM

views 27

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ ৰাষ্ট্ৰীয় পৰ্যালোচনা বৈঠকৰ আজি সামৰণি

নতুন দিল্লীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ ৰাষ্ট্ৰীয় পৰ্যালোচনা বৈঠকৰ আজি সামৰণি পৰে। এই বৈঠকত প্রধানমন্ত্রী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে ভাৰতৰ স্বাস্থ্য খণ্ডৰ পৰৱৰ্তী পৰ...

July 18, 2026 6:52 PM

views 25

ভাৰতৰ ব্যক্তিগতভাৱে বিকশিত প্ৰথম ৰকেট বিক্ৰম ৱানৰ পৰীক্ষা সফলভাৱে সম্পন্ন

ভাৰতৰ প্ৰথম ব্যক্তিগতভাৱে বিকশিত ৰকেট বিক্ৰম ৱানৰ পৰীক্ষা সফলভাৱে সম্পন্ন হৈছে। ৰকেটটোৰ চূড়ান্ত দহন সম্পূৰ্ণ হোৱাৰ পাছতে ৪৫০ কিলোমিটাৰ উচ্চতাৰ কক্ষপথত ই কঢ়িয়াই নিয়া উপগ্ৰহটো উপনীত হয়। মিছন আগমনৰ অধীনত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা আজি দিনৰ ১২ বাজি ৫ মিনিটত ইয়াক উৎক্...

July 18, 2026 11:02 AM

views 34

নিৰ্বাচন সম্পৰ্কীয় ভুল আৰু বিভ্ৰান্তিকৰ তথ্যই দেশৰ চৰম বিপদ মাতি আনিব পাৰেঃ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ

দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে নিৰ্বাচন সম্পৰ্কীয় ভুল আৰু বিভ্ৰান্তিকৰ তথ্যই দেশৰ চৰম বিপদ মাতি আনিব পাৰে বুলি মন্তব্য কৰিছে। কালি নতুন দিল্লীত আয়োজিত সৰ্বভাৰতীয় সাংবাদিক সন্মিলনত মুখ্য অতিথি হিচাপে ভাগ লৈ তেওঁ আৰু কয়, যে আয়োগৰ অধীনত দেশৰ সকলো নিৰ্বাচন মুক্ত আৰু নিকা ব্যৱস্থাৰে পৰিচ...

July 18, 2026 9:42 AM

views 36

দেশৰ ২০খন ৰাজ্যত ৭৫টা ৰে’ল ষ্টেচন মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বিয়লি পাঞ্জাবৰ জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ ২০ খন ৰাজ্যৰ নৰূপত সজাই তোলা ৭৫ টা ৰে'ল ষ্টেচন মুকলি কৰে। বিশ্বৰ সৰ্ববৃহৎ পুনৰ নিৰ্মাণ কাৰ্যসূচী অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত এই ষ্টেচনসমূহ আধুনিক ৰূপত সজাই তোলা হৈছে।  প্ৰায় এহেজাৰ ৫৭০ কোটি টকাৰে পু...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।