July 19, 2026 12:20 PM | Ethanol add Petrol

printer

বিজেপিয়ে চৰকাৰৰ ইথানল মিহলি কাৰ্যসূচীক দেশৰ বৃহৎ নীতিগত সাফল্যসমূহৰ অন্যতম বুলি অভিহিত কৰিছে

বিজেপিয়ে চৰকাৰৰ ইথানল মিহলি কাৰ্যসূচীক দেশৰ বৃহৎ নীতিগত সাফল্যসমূহৰ অন্যতম বুলি অভিহিত কৰিছে। দলৰ তথ্য প্রযুক্তি কোষৰ মুৰববী অমিত মালব্যই কালি সামাজিক মাধ্যম যোগে কয়, যে এই আঁচনিয়ে খেতিয়কসকলৰ আয় বৃদ্ধি আৰু শক্তি সুৰক্ষা সুদৃঢ় কৰাত সহায় কৰাৰ লগতে আমদানিকৃত খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰিছে। তেওঁ কয়, যে এই আঁচনিৰ মূল্যায়ন ৰাজনৈতিক দৃষ্টিভংগীৰে নহয় বৰং পৰিণামৰ ভিত্তিত কৰা উচিত।

শ্রীমালব্যই প্রকাশ কৰা মতে, ২০১৪-১৫ বৰ্ষৰ পৰি এতিয়ালৈকে এই আঁচনিৰ জৰিয়তে খেতিয়কসকলে প্রায় ১ লাখ ৬৬ হাজাৰ কোটি টকাৰ অতিৰিক্ত আয় অৰ্জন কৰিছে। ইয়াৰ বিপৰীতে খাৰুৱা তেলৰ আমদানি হ্রাস পোৱাত দেশে প্রায় ১ লাখ ৯৮ হাজাৰ কোটি টকাৰ বিদেশী মুদ্রা ৰাহি কৰিবলৈ সমৰ্থ হৈছে।

এই আঁচনিৰ ফলত কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমন হ্রাস পাইছে আৰু চেনী কলসমূহৰ আয় বৃদ্ধি পোৱাৰ ফলত কুঁহিয়াৰ খেতিয়কসকলক ধন আদায় দিয়াৰ প্ৰক্ৰিয়া পূৰ্বৰ তুলনাত ত্বৰান্বিত হৈছে বুলি তেওঁ মন্তব্য কৰে।