গুজৰাটৰ আহমেদাবাদত থকা এটা আতচবাজী নিৰ্মাণ কাৰখানাত সংঘটিত অগ্নিকাণ্ডৰ ফলত ৮ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে আন ১০ গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ আৱদ্ধ হৈ থকা আন শ্রমিকসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰে। আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্রণাধীন বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে।
Assamese | July 18, 2026 8:24 PM | GUJRAT
গুজৰাটৰ আহমেদাবাদত সংঘটিত অগ্নিকাণ্ডৰ ফলত ৮ জনৰ লোকৰ মৃত্যু হোৱাৰ লগতে আন ১০ গৰাকী লোক গুৰুতৰভাৱে আহত