৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাসমূহ কালি ঘোষণা কৰা হয়। বিশিষ্ট পৰিচালক যদুমণি দত্তৰ জুইফুল-য়ে শ্রেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সাফল্যৰ বাবে চলচ্চিত্ৰখনৰ পৰিচালকসহ সকলো শিল্পী আৰু কলা-কুশলীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্রীয়ে কয়, যে জুইফুলৰ সফলতাই অসমৰ যুৱ চলচ্চিত্র নির্মাতাসকলক ডাঙৰ সপোন দেখিবলৈ আৰু বিশ্ব দৰবাৰত অসমীয়া কাহিনী অধিক আত্মবিশ্বাসেৰে উপস্থাপন কৰিবলৈ অনুপ্রাণিত কৰিব। অসম আৰু নাগালেণ্ডৰ সীমা সমস্যাক লৈ নিৰ্মাণ কৰা জুইফুলৰ চিত্ৰনাট্য নিজৰা ৰাজকুমাৰী আৰু সহ-প্রযোজনা ৰীতা দত্ত আৰু নন্দিনী শৰ্মা দত্তৰ।
৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাত আদিত্য সুহাস জাম্ভালৰ দ্বাৰা পৰিচালিত ARTICLE 370 নামৰ ছবিখনে শ্রেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে। ৰাজকুমাৰ ৰাও অভিনীত চলচ্চিত্র শ্রীকান্তলৈ শ্রেষ্ঠ হিন্দী চলচ্চিত্ৰৰ বঁটা আৰু কার্তিক আয়ান আৰু মামুটিলৈ যুটীয়াভাবে শ্রেষ্ঠ অভিনেতাৰ বঁটা আগবঢ়োৱা হয়। আনহাতে য়ামী গৌতমে ARTICLE 370-ত কৰা অভিনয়ৰ বাবে শ্রেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে।
সুমিৰা ৰায়ে পৰিচালনা কৰা ভংগাৰলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা আগবঢ়োৱা হয়। শ্রেষ্ঠ ছুটি ছবিৰ বঁটা লাভ কৰে মাৰাঠী ভাষাৰ ছবি হামছফৰে। আনহাতে ষ্টেচ্যু অৱ ইউনিটি একতা কা প্রতীক নামৰ ছবিখনৰ বাবে আনন্দ এল ৰায়ক শ্রেষ্ঠ পৰিচালকৰ বঁটা আগবঢ়োৱা হয়।
পৰত 41 ডিগ্ৰীচায়া মগৱৰ নামৰ তথ্যচিত্ৰখনৰ সংগীত পৰিচালনাৰ বাবে শিৱপাল সিং কাঙক শ্রেষ্ঠ সংগীত পৰিচালনাৰ বঁটা প্ৰদান কৰা হয়। আনহাতে, সঞ্জীব শ্রীবাস্তবলৈ শ্রেষ্ঠ চলচ্চিত্র সমালোচকৰ বঁটা আগবঢ়োৱা হয়।