ভাৰতৰ প্ৰথম ব্যক্তিগতভাৱে বিকশিত ৰকেট বিক্ৰম ৱানৰ পৰীক্ষা সফলভাৱে সম্পন্ন হৈছে। ৰকেটটোৰ চূড়ান্ত দহন সম্পূৰ্ণ হোৱাৰ পাছতে ৪৫০ কিলোমিটাৰ উচ্চতাৰ কক্ষপথত ই কঢ়িয়াই নিয়া উপগ্ৰহটো উপনীত হয়। মিছন আগমনৰ অধীনত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা আজি দিনৰ ১২ বাজি ৫ মিনিটত ইয়াক উৎক্ষেপন কৰা হয়। এই সাফল্যৰ জৰিয়তে ভাৰত ব্যক্তিগত ৰকেট উৎক্ষেপনৰ যোগ্যতা থকা বিশ্বৰ তৃতীয় দেশ হিচাপে পৰিগণিত হয়।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সাফল্যৰ বাবে স্কাইৰুট এৰ’স্পেচক অভিনন্দন জনাইছে। শ্রী মোদীয়ে ফোনযোগে স্কাইৰুৰ্টৰ দলটোৰ সৈতে কথা পাতে আৰু এই ঐতিহাসিক মহাকাশীয় সাফল্যৰ বাবে অভিনন্দন জনায়। প্রধানমন্ত্ৰীয়ে লগতে বিক্ৰম ৱানৰ সৈতে জড়িত দলটোক সাক্ষাতৰ বাবে আমন্ত্ৰণ জনায়। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী জিতেন্দ্র সিঙেও এই সাফল্যৰ প্ৰশংসা কৰিছে।
এই সন্দৰ্ভত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ প্ৰাক্তন অধ্যক্ষ জি. সথীষ ৰেড্ডীয়ে এই সফলতাক ঐতিহাসিক বুলি মন্তব্য কৰে আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰত এইয়া ভাৰতৰ অন্যতম সাফল্য বুলি উল্লেখ কৰে।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত বিক্ৰম ৱানৰ সফল উৎক্ষেপনে ভাৰতৰ মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনক নতুন গতি দিছে বুলি মন্তব্য কৰে। এই সাফল্যই অসমৰো বহু যুৱক-যুৱতীক মহাকাশ বিজ্ঞান আৰু মহাকাশ প্রযুক্তিৰ প্ৰতি আগ্ৰহী কৰি তুলিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে৷