July 18, 2026 6:52 PM

views 10

ভাৰতৰ ব্যক্তিগতভাৱে বিকশিত প্ৰথম ৰকেট বিক্ৰম ৱানৰ পৰীক্ষা সফলভাৱে সম্পন্ন

ভাৰতৰ প্ৰথম ব্যক্তিগতভাৱে বিকশিত ৰকেট বিক্ৰম ৱানৰ পৰীক্ষা সফলভাৱে সম্পন্ন হৈছে। ৰকেটটোৰ চূড়ান্ত দহন সম্পূৰ্ণ হোৱাৰ পাছতে ৪৫০ কিলোমিটাৰ উচ্চতাৰ কক্ষপথত ই কঢ়িয়াই নিয়া উপগ্ৰহটো উপনীত হয়। মিছন আগমনৰ অধীনত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা আজি দিনৰ ১২ বাজি ৫ মিনিটত ইয়াক উৎক্ষেপন কৰা হয়। এই সাফল্যৰ জৰিয়তে ভাৰত ব্যক্তিগত ৰকেট উৎক্ষেপনৰ যোগ্যতা থকা বিশ্বৰ তৃতীয় দেশ হিচাপে পৰিগণিত হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সাফল্যৰ বাবে স্কাইৰুট এৰ’স্পেচক অভিনন্দন জনাইছে। শ্রী...