প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বিয়লি পাঞ্জাবৰ জলন্ধৰৰ পৰা ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ ২০ খন ৰাজ্যৰ নৰূপত সজাই তোলা ৭৫ টা ৰে’ল ষ্টেচন মুকলি কৰে। বিশ্বৰ সৰ্ববৃহৎ পুনৰ নিৰ্মাণ কাৰ্যসূচী অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত এই ষ্টেচনসমূহ আধুনিক ৰূপত সজাই তোলা হৈছে।
প্ৰায় এহেজাৰ ৫৭০ কোটি টকাৰে পুনৰ নিৰ্মাণ কৰা এই ষ্টেচনসমূহ অত্যাধুনিক আৰু যাত্রী অনুকূল সা-সুবিধাৰে সুসজ্জিত কৰি তোলা হৈছে। ঐতিহ্য বিকাশো ভাবনাৰে নৰূপত সজাই তোলা এই ষ্টেচনসমূহৰ জৰিয়তে স্থানীয় সংস্কৃতি, ঐতিহ্য আৰু স্থাপত্য শিল্পৰ আভাষ দাঙি ধৰা হৈছে। নৰূপত সজাই তোলা ষ্টেচনসমূহৰ ভিতৰত অসমৰ মাজবাট ষ্টেচনো আছে।
অনুষ্ঠানত শ্রী মোদীয়ে কৰতোলী-আম্বালা ৰে’ল সেৱা আৰু অমৃতসৰ শ্বেৰহৰটা আৰু বাৰানসীৰ মাজত চলাচল কৰিবলগীয়া সন্ত ৰবিদাস ৰেল গাড়ীখনৰ যাত্ৰা মুকলি কৰে। এই উপলক্ষে শ্ৰী মোদীয়ে কয়, যে নৰূপত সজাই তোলা ৰে’ল ষ্টেচনসমূহৰ উদ্বোধনে দেশৰ ৰে’ল খণ্ডত বিগত কেইটামান বছৰত হোৱা দ্ৰুত পৰিৱৰ্তনকে সূচায়। তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰে পঞ্জাবৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে চেষ্টাৰ অকণো ত্ৰুটি কৰা নাই।
তেওঁ কয়, যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ সেৱা, তেওঁলোকৰ জীৱন-ধাৰণৰ মান উন্নত আৰু প্ৰগতিৰ বাবে নতুন সুযোগ সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰি আহিছে। চৰকাৰে নাগৰিক দেৱ ভব মন্ত্ৰৰে কাম কৰি আহিছে বুলি তেওঁ মন্তব্য কৰে ৷
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাৰ জিন্দ ষ্টেচনৰ পৰা পতাকা জোকাৰি দেশৰ প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। জিন্দ আৰু শোণিপটৰ মাজত চলাচল কৰিবলগীয়া এই ৰে’লগাড়ীখনে প্ৰায় দুই ঘণ্টা ৮৯ কিলোমিটাৰ যাত্ৰা সম্পূৰ্ণ কৰিব । শ্রী মোদীয়ে লগতে জিন্দত প্ৰায় ১৪ হাজাৰ ৭০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পাছত প্ৰধানমন্ত্ৰীয়ে চণ্ডিগড়ত চাৰি হাজাৰ ৭০০ কোটিৰে অধিক টকা ব্যয়ৰে ৰূপায়ণ কৰিবলগীয়া স্বাস্থ্য, শিক্ষা আৰু পথ আন্তঃগাঁথনি খণ্ডৰ উন্নয়নমূলক কামকাজৰ শুভাৰম্ভ কৰে।