July 18, 2026 8:19 PM

printer

নতুন দিল্লীত আজি ভাৰতীয় চিকিৎসা সংস্থাৰ বঁটা প্রদান

এখন সুস্থ সমাজ এখন শক্তিশালী দেশৰ মূল ভেটি। নতুন দিল্লীত আজি বিয়লি ভাৰতীয় চিকিৎসা সংস্থাৰ বঁটা প্রদান অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে চিকিৎ‍সাৰ সৈতে জড়িত ব্যক্তিসকলে কেৱল চিকিৎসা সেৱা প্ৰদান কৰাই নহয়, বৰং তেওঁলোকে দেশৰ উন্নয়নতো উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। চিকিৎসকসকলে নিষ্ঠা আৰু সেৱাৰে ৰাষ্ট্ৰ নিৰ্মাণত অতি গুৰুত্বপূর্ণ অৱদান আগবঢ়াই আহিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, যে চিকিৎসকসকলক সন্মান কৰা মানে দেশৰ সেৱা কৰা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ মনোভাৱক সন্মান কৰাক বুজায়।