আন্তৰ্জাতিক সংবাদ

July 12, 2026 11:55 AM

views 28

ভেনেজুৱেলাত ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৩৩৩লৈ বৃদ্ধি

ভেনেজুৱেলাত যোৱা ২৪ জুনত হোৱা ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৩৩৩লৈ বৃদ্ধি পাইছে। নেশ্যনেল এছেম্বলীৰ অধ্যক্ষ জৰ্জ ৰদ্ৰিগছে প্ৰকাশ কৰা অনুসৰি ভূমিকম্পত ক্ষতিগ্রস্ত লোকসকলৰ বাবে অহা সপ্তাহৰ পৰা থকা ঘৰৰ ব্যবস্থা কৰা হ'ব। ইপিনে এই ঘটনাত মৃত্যু হোৱাসকলৰ ভিতৰৰ ৩১৫টা শৱদেহ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা ...

July 12, 2026 11:41 AM

views 36

ইৰাণে পৰৱৰ্তী জাননী জাৰি নকৰা পর্যন্ত হৰমুজ প্রণালী বন্ধ কৰিছে

ইৰাণৰ সামৰিক বাহিনী আই আৰ জি চিয়ে ছাইপাছৰ ধবজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। আমেৰিকাৰ সেনা বাহিনীয়ে প্ৰকাশ কৰিছে, যে ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ নিৰ্দেশ মর্মে এই আক্রমণ চলোৱা হৈছে। আমেৰিকাই প্ৰকাশ কৰা মতে, ইৰাণে বাণিজ্যিক জাহাজৰ ওপৰত...

July 12, 2026 11:36 AM

views 25

ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লি মিন হানৰ ফুকক দ্বীপৰ সমীপত নাও দুর্ঘটনাত ১৫ জন ভাৰতীয় পৰ্যটকৰ মৃত্যু হোৱা ঘটনাৰ তদন্তৰ নির্দেশ

ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লি মিন হানে ফু কক দ্বীপৰ সমীপত নাও দুর্ঘটনাত ১৫ জন ভাৰতীয় পৰ্যটকৰ মৃত্যু হোৱা ঘটনাৰ তদন্তৰ নির্দেশ দিছে। মুম্বাইত থকা ভিয়েটনামৰ কনছুলেট জেনেৰেলে জাৰি কৰা বিবৃতি অনুসৰি প্রধানমন্ত্রী হানে কর্তৃপক্ষক দুর্ঘটনাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কাৰণসমূহ নিৰ্ণয় কৰিবলৈ আৰু ভৱিষ্যতে অনুৰূপ ঘটনা...

July 11, 2026 8:27 PM

views 31

ভিয়েটনামৰ ফু-কুৱ’ক দ্বীপত কেইবাগৰাকীও ভাৰতীয় পৰ্যটকক কঢ়িয়াই নিয়া এখন নাও দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ১৫ জন লোকৰ মৃত্যু

ভিয়েটনামৰ ফু-কুৱ’ক দ্বীপত কেইবাগৰাকীও ভাৰতীয় পৰ্যটকক কঢ়িয়াই নিয়া এখন নাও দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ১৫ জন লোকৰ মৃত্যু হয়। ২১ জন লোকক উদ্ধাৰ কৰা হৈছে বুলি হানয়ত থকা ভাৰতীয় দূতাবাসে প্ৰকাশ কৰিছে। নাওখনত ৩২ জন ভাৰতীয় পৰ্যটকৰ লগতে ৪ জন চালক আছিল। হ’ন মে ৰুট নাগই দ্বীপৰ পৰা প্ৰায় ৪০০ মিটাৰ দূৰত্ব...

July 9, 2026 11:56 AM

views 39

ইৰানত পুনৰ আক্ৰমণ আমেৰিকাৰ সামৰিক বাহিনীৰ

ইৰানে হৰমুজ প্রণালীত জাহাজৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছদিনাই আমেৰিকাৰ সামৰিক বাহিনীয়ে ইৰানত পুনৰ আক্ৰমণ চলাইছে। ইৰানৰ সামৰিক ঘাটি আৰু ইয়াৰ সৈতে জড়িত স্থানসমূহ লক্ষ্য কৰি এই আক্রমণ চলোৱা হৈছে বুলি কালি আমেৰিকাই আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এই আক্ৰমণৰ কেইঘণ্টামান পূর্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰ...

July 8, 2026 8:34 PM

views 29

টুৰ্কীৰ ৰাজধানী আংকাৰাত নাটোৰ শীৰ্ষ সন্মিলন

ইৰাণৰ সৈতে সংঘাতৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে স্বাক্ষৰিত বুজাবুজিৰ চুক্তি অন্ত পৰা বুলি উল্লেখ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে কয়, যে তেওঁ তেহৰানৰ সৈতে জড়িত হ'বলৈ বিচৰা নাছিল। টুৰ্কীৰ ৰাজধানী আংকাৰাত অনুষ্ঠিত নাটোৰ শীৰ্ষ সন্মিলনৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত ট্রাম্পে এই বক্তব্য প্রকাশ কৰে। ইফালে, ইৰা...

July 7, 2026 8:17 PM

views 27

ছিৰিয়াৰ ৰাজধানী ডামাস্কাচত ২টা বিস্ফোৰণত ৪গৰাকী আৰক্ষী বিষয়াসহ ১৮গৰাকী লোক আহত

ছিৰিয়াৰ ৰাজধানী ডামাস্কাচত আজি বিয়লি হোৱা দুটা বিস্ফোৰণত চাৰিগৰাকী আৰক্ষী বিষয়াসহ ১৮গৰাকী লোক আহত হয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' আৰু ছিৰিয়াৰ ৰাষ্ট্ৰপতি আহমদ অল-ছাৰা ৰাষ্ট্ৰপতি ভৱনত বৈঠকত মিলিত হোৱাৰ কিছু সময় পূর্বে এই বিস্ফোৰণ সংঘটিত হয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকী কালি ছিৰিয়াৰ ৰাজধানী...

July 5, 2026 8:57 PM

views 36

ভেনিজুৱেলাত ভূমিকম্পত প্রভাবিতসকলৰ সাহায্যৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপক  দেশখনৰ ৰাষ্ট্ৰপতি ডেলছি বড়িগুৱেজৰ ধন্যবাদ জ্ঞাপন

ভেনিজুৱেলাত অলপতে সংঘটিত প্রলয়ংকাৰী ভূমিকম্পত প্রভাবিত লোকসকলৰ সাহায্যৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ বাবে দেশখনৰ ৰাষ্ট্ৰপতি ডেলছি বড়িগুৱেজে আজি ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁ কয় যে এতিয়া ভেনিজুৱেলাৰ পুনৰ জন্ম হ'ব। সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে ব্রিটেইন, কাটাৰ, ফ্রান্স, ভাৰত, বার...

July 5, 2026 8:39 PM

views 30

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আসন্ন ইণ্ডোনেছিয়া ভ্রমণ দুয়োদেশৰ মাজত অর্থনৈতিক বিনিময় শক্তিশালী হোৱাৰ সম্ভাৱনা আছে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কাইলৈৰ পৰা ইণ্ডোনেছিয়া ভ্রমণে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ সম্পর্ক অধিক শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰিব। ইণ্ডোনেছিয়াস্থিত ভাৰতীয় ৰাষ্ট্রদূত সন্দীপ চক্ৰৱৰ্তীয়ে জাকার্টাত আকাশবাণীৰ সৈতে হোৱা সাক্ষাৎকাৰত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, য...

July 5, 2026 8:28 PM

views 28

অপেকে চলিত বৰ্ষৰ আগষ্টৰ পৰা দৈনিক ১৮৮ হাজাৰ বেৰেল পর্যন্ত তেলৰ উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য লৈছে

পেট্রলিয়াম ৰপ্তানি কৰা দেশসমূহৰ সংস্থা অপেকে চলিত বৰ্ষৰ আগষ্টৰ পৰা দৈনিক ১৮৮ হাজাৰ বেৰেল পর্যন্ত তেলৰ উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। আন্তর্জাতিক তেল বিপণন পৰিস্থিতি পর্যালোচনা কৰাৰ উদ্দেশ্যে আয়োজিত এখন ভার্চুৱেল বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত জাৰি কৰা এটা বিবৃতিত চৌদি আৰৱ, ৰাছিয়...