ইণ্ডোনেছিয়াৰ মাদুৰা দ্বীপত ফেৰীত সংঘটিত অগ্নিকাণ্ডত পাঁচগৰাকী লোকৰ প্রাণহানি ৪১গৰাকী সন্ধানহীন

ইণ্ডোনেছিয়াৰ মাদুৰা দ্বীপৰ সমীপত আজি এখন যাত্রীবাহী ফেৰীত সংঘটিত অগ্নিকাণ্ডত পাঁচগৰাকী লোকে প্রাণ হেৰুওৱাৰ লগতে ৪১গৰাকী সন্ধানহীন হৈ আছে। উল্লেখযোগ্য যে ফেৰীখনত ২৭১গৰাকী যাত্রী আছিল।

দেশখনৰ অনুসন্ধান আৰু উদ্ধাৰকাৰী সংস্থাই প্ৰকাশ কৰা অনুসৰি ফেৰীৰ পৰা এই পর্যন্ত ২২৫ গৰাকী যাত্ৰীক উদ্ধাৰ কৰা হৈছে। উল্লেখযোগ্য যে ফেৰীখন ইণ্ডোনেছিয়াৰ পূব জাভাৰ চুৰাবায়াৰ পৰা দক্ষিণ চুলাৱেছিৰ মাকাচ্ছাৰলৈ গৈ আছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।