বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে কালি ফিলিপাইনছৰ মেনিলাত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকৰ আপাহতে কানাডাৰ বিদেশ মন্ত্রী অনিতা আনন্দক সাক্ষাৎ কৰে। এই সাক্ষাৎ সন্দর্ভত সামাজিক মাধ্যমত লিখা এটা পোষ্টত ড০ জয়শংকৰে কয় যে ভাৰত আৰু কানাডাৰ সহযোগিতা ক্রমাগতভাৱে বৃদ্ধি পাই আহিছে।
সাক্ষাৎকালত হোৱা আলোচনাত দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে গঢ় দিয়া সম্পৰ্কৰ আধাৰত লক্ষ্যত উপনীত হোৱা বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা বুলিও তেওঁ প্রকাশ কৰে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে নিউজিলেণ্ডৰ বিদেশ মন্ত্রী উইন্সটন পিটাকো সাক্ষাৎ কৰে আৰু ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ নিৰাপত্তা পৰিস্থিতিক লৈ মত বিনিময় কৰে। আলোচনাকালত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত সামুদ্রিক সহযোগিতা বৃদ্ধিৰ বিষয়টোৱে আগস্থান লাভ কৰে।
ড০ জয়শংকৰে কালি মেনিলাত আছিয়ান গোষ্ঠীৰ সচিব প্রধান ড০ কাও কিম হাউৰ্ণৰ সৈতেও মত বিনিময় কৰে। ব্যাপক কৌশলগত সহযোগিতাক আগুৱাই নিয়াৰ বাবে আছিয়ান সচিবালয়ৰ পৰা নিৰৱচ্ছিন্নভাৱে সহায় আগবঢ়োৱাৰ বাবে তেওঁ সচিব প্ৰধানগৰাকীক ধন্যবাদ জনায়।
চলিত বৰ্ষৰ পৰা ২০৩০ চনৰ ভিতৰত ৰাজনীতি, অর্থনীতি, নিৰাপত্তা, সংস্কৃতি আদি বিষয়ত সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে ভাৰত-আছিয়ান কাৰ্য্য পৰিকল্পনাৰ মূল স্তম্ভসমূহ সন্দর্ভতো নেতা দুয়োগৰাকীয়ে মত বিনিময় কৰে।