ভাৰত আৰু ৰোমানিয়াই বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা আৰু ক্রীড়াৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে তিনিখন চুক্তিত স্বাক্ষৰ কৰিছে। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু আৰু ৰোমানিয়াৰ ৰাষ্ট্ৰপতি নিকোছৰ ডেমৰ মাজত কালি বুখাৰেষ্টত হোৱা প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ অন্তত এই চুক্তিকেইখন স্বাক্ষৰিত হয়।
ৰাষ্ট্ৰপতি মুর্মুৱে তেওঁৰ প্ৰেছ বিজ্ঞপ্তিত কয় যে ভাৰত আৰু ৰোমানিয়াই পাৰস্পৰিক আস্থা, সন্মান আৰু জনসম্পৰ্কৰ ভিত্তিত সাত দশকৰো অধিক সময় ধৰি ঘনিষ্ঠ আৰু স্থায়ী মিত্ৰতাৰ এনাজৰীৰে বান্ধ খাই আছে।
তেওঁ কয় যে দেশ দুখনৰ মাজত বিগত সময়ছোৱাত সহযোগিতা অহৰহ শক্তিশালী হৈছে। অভিলাষী লক্ষ্য, শক্তিশালী সহযোগিতা আৰু ভৱিষ্যতৰ বাবে উমৈহতীয়া দৃষ্টিভংগীৰে এই সহযোগিতা সম্প্রতি নতুন পর্যায়ত প্রবেশ কৰিছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে।
ৰোমানিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা আলোচনা ফলপ্রসু বুলি অভিহিত কৰি শ্ৰীমতী মুর্মুৱে কয় যে শেহতীয়া বছৰত লাভ কৰা অগ্ৰগতিৰ বিষয়ে তেওঁলোকে পর্যালোচনা কৰে। তেওঁ কয় যে দুয়োখন দেশে নিজৰ নিজৰ অগ্রাধিকাৰ অনুযায়ী বিভিন্ন ক্ষেত্রত সহযোগিতা অধিক সুদৃঢ় কৰাৰ বাবে সন্মতি প্রকাশ কৰিছে।
তেওঁ কয় যে ভাৰত আৰু ৰোমানিয়াই অহা ৩ বছৰৰ ভিতৰত দুয়ো দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে।
ভাৰত-ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিয়ে উদ্যোগ আৰু দক্ষ বৃত্তিধাৰী লোকৰ বাবে অভূতপূর্ণ সুযোগ কঢ়িয়াই আনিব বুলি শ্রীমতী মুর্মুৱে আশা প্রকাশ কৰে। তেওঁ কয় যে ভাৰত আৰু ৰোমানিয়াই নির্মাণ, ভেষজ, স্বাস্থ্য সেৱা, নবীকৰণযোগ্য শক্তি, সেউজ হাইড্রাজেন, কৃষি উৎপাদন, সাৰ, বিজ্ঞান আৰু প্ৰযুক্তি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু কৃত্ৰিম বুদ্ধিমত্তা লেখিয়া ক্ষেত্রসমূহত সহযোগিতা সম্প্ৰসাৰিত কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে।