July 24, 2026 9:51 AM

views 2

ভাৰত আৰু ৰোমানিয়াই বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা আৰু ক্রীড়াৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে তিনিখন চুক্তিত স্বাক্ষৰ কৰিছে

ভাৰত আৰু ৰোমানিয়াই বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা আৰু ক্রীড়াৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে তিনিখন চুক্তিত স্বাক্ষৰ কৰিছে। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু আৰু ৰোমানিয়াৰ ৰাষ্ট্ৰপতি নিকোছৰ ডেমৰ মাজত কালি বুখাৰেষ্টত হোৱা প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ অন্তত এই চুক্তিকেইখন স্বাক্ষৰিত হয়। ৰাষ্ট্ৰপতি মুর্মুৱে তেওঁৰ প্ৰেছ বিজ্ঞপ্তিত কয় যে ভাৰত আৰু ৰোমানিয়াই পাৰস্পৰিক আস্থা, সন্মান আৰু জনসম্পৰ্কৰ ভিত্তিত সাত দশকৰো অধিক সময় ধৰি ঘনিষ্ঠ আৰু স্থায়ী মিত্ৰতাৰ এনাজৰীৰে বান্ধ খাই আছে। তেওঁ কয় যে দেশ দুখনৰ মাজত বিগত সময়ছো...