বৈদেশিক সচিব বিক্রম মিশ্রিৰ চীনৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ উপ-মন্ত্রী হুৱা চুনিয়ঙক সাক্ষাৎ

বৈদেশিক সচিব বিক্রম মিশ্রিয়ে চীনৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ উপ-মন্ত্রী হুৱা চুনিয়ঙৰ সৈতে সাক্ষাৎ কৰি বেইজিঙত দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে। চীনা ভ্ৰমণৰত বৈদেশিক সচিবগৰাকীয়ে ভাৰত আৰু চীন দুয়োখন দেশ বিভিন্ন ক্ষেত্ৰত অংশীদাৰী হৈ উন্নয়নমূলক সুযোগসমূহ আগবঢ়াই নিয়া সন্দর্ভতো আলোচনা কৰে। তেওঁ লগতে বাণিজ্য আৰু অর্থনৈতিক সম্বন্ধৰ যোগেৰে পৰস্পৰ লাভান্বিত হ’ব পৰা দিশসমূহৰ ক্ষেত্ৰতো আলোকপাত কৰে।

চীনত থকা ভাৰতৰ দূতাবাসৰ তথ্য অনুসৰি দুয়োগৰাকী চৰকাৰী প্ৰতিনিধিয়ে ভাৰত আৰু চীন সীমান্তবর্তী অঞ্চলৰ শান্তি বজাই ৰখাত গুৰুত্ব আৰোপ কৰে।

ইয়াৰ পূৰ্বে সচিব মিশ্রিয়ে বেইজিঙত চীনৰ জনসাধাৰণৰ ৰাজনৈতিক পৰামৰ্শদাতা সন্মিলনৰ চতুৰ্দশ ৰাষ্ট্ৰীয় সমিতিৰ উপ-সচিব প্রধান হং লিয়াঙৰ সৈতে হোৱা বৈঠকত ৰাজনৈতিক আৰু জনসাধাৰণৰ মাজত দুয়োখন দেশৰ দ্বিপাক্ষিক আদান-প্রদান বৃদ্ধি সন্দৰ্ভত আলোচনা কৰে।

দুয়োগৰাকী প্ৰতিনিধিয়ে দ্বিপাক্ষিক আদান-প্রদান, ৰাজনৈতিক আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰতো আলোচনা কৰে বুলি দূতাবাসৰ তথ্যত প্ৰকাশ পাইছে। এই বৈঠকত চীনত থকা ভাৰত ৰাষ্ট্রদূত বিক্রম দৌৰাইস্বামীও উপস্থিত থাকে।