July 28, 2026 11:58 AM

views 34

বৈদেশিক সচিব বিক্রম মিশ্রিৰ চীনৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ উপ-মন্ত্রী হুৱা চুনিয়ঙক সাক্ষাৎ

বৈদেশিক সচিব বিক্রম মিশ্রিয়ে চীনৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ উপ-মন্ত্রী হুৱা চুনিয়ঙৰ সৈতে সাক্ষাৎ কৰি বেইজিঙত দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে। চীনা ভ্ৰমণৰত বৈদেশিক সচিবগৰাকীয়ে ভাৰত আৰু চীন দুয়োখন দেশ বিভিন্ন ক্ষেত্ৰত অংশীদাৰী হৈ উন্নয়নমূলক সুযোগসমূহ আগবঢ়াই নিয়া সন্দর্ভতো আলোচনা কৰে। তেওঁ লগতে বাণিজ্য আৰু অর্থনৈতিক সম্বন্ধৰ যোগেৰে পৰস্পৰ লাভান্বিত হ'ব পৰা দিশসমূহৰ ক্ষেত্ৰতো আলোকপাত কৰে। চীনত থকা ভাৰতৰ দূতাবাসৰ তথ্য অনুসৰি দুয়োগৰাকী চৰকাৰী প্ৰতিনিধিয়ে ভাৰত আৰু চীন সীমান্তবর্তী অঞ্চলৰ শান্তি বজাই...