উত্তৰ মেচিডোনিয়াৰ ৰাষ্ট্ৰপতি গর্ডানা চিলজানোভস্কা-ডাভকোভাই কৈছে যে এগৰাকী মহিলা বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক দেশ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাটো গৌৰৱৰ বিষয়। উত্তৰ মেচিডোনিয়াৰ স্কোপজেত আকাশবাণীৰ সংবাদদাতা সুভাশ্রী মহাপাত্ৰৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীমতী ডাভকোভাই কয় যে, ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ সুদীর্ঘ ইতিহাস আৰু আধ্যাত্মিকতাৰ প্ৰতিও আগ্রহী হৈছিল।
তেওঁ কয় যে ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুক লগ পোৱাৰ পাছতো তেওঁ অতিশয় আপ্লুত হৈছিল। কেৱল মহিলাইহে যে পৃথিৱীখন সলনি কৰিব পাৰে, সেই কথা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুক সাক্ষাৎ কৰাৰ পাছত তেওঁ দৃঢ়ভাৱে অনুভৱ কৰিছিল বুলি উত্তৰ মেচিডোনিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে।
উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদি মুর্মু সম্প্ৰতি চৰকাৰী কাৰ্যসূচীৰে উত্তৰ মেচিডোনিয়াত আছে।