তিনিখন ইউৰোপীয় দেশ ভ্ৰমণ সামৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু নতুন দিল্লীত উপস্থিত

মোলদোভা, উত্তৰ মেচিডোনিয়া আৰু ৰোমানিয়াৰ ভ্ৰমণ সামৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি পুৱা নতুন দিল্লীলৈ উভতি আহে। এই ভ্রমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে এই তিনিখন ইউৰোপীয় দেশৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰা আৰু পাৰস্পৰিক স্বার্থজড়িত ক্ষেত্রসমূহত সহযোগিতা সম্প্ৰসাৰণৰ লক্ষ্যৰে উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰে।

ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্রমণ বিভিন্ন ক্ষেত্রত ঐতিহাসিক হিচাবে বিবেচিত হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে, মোলদোভা আৰু উত্তৰ মেচিডোনিয়ালৈ কোনো ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথম ৰাষ্ট্ৰীয় ভ্রমণ আৰু তিনিদশকৰো অধিক সময়ৰ পিছত ৰোমানিয়ালৈ কোনো ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথম ৰাষ্ট্ৰীয় ভ্রমণ।

এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে দেশকেইখনৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ সৈতে প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। তেওঁ লগতে বিভিন্ন ব্যৱসায়িক মঞ্চত ভাষণ দিয়ে আৰু প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও মত-বিনিময় কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে ৰোমানিয়াৰ বুখাৰেষ্ট ইউনিভাৰ্ছিটি অৱ ইকনমিক ষ্টাদীজৰ পৰা সন্মানীয় স্বীকৃতিও লাভ কৰে, যিয়ে ভাৰত আৰু ৰোমানিয়াৰ মাজত ক্রমবর্ধমান শৈক্ষিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কক প্রতিফলিত কৰে।

ভ্রমণকালত তেওঁ ভাৰতৰ দ্রুত অর্থনৈতিক বিকাশ, প্রযুক্তিগত অগ্রগতি আৰু গোলকীয় সহযোগিতাৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা উল্লেখ কৰে।

শ্রীমতী মুর্মুৱে লগতে বাণিজ্য, উদ্ভাৱন, শিক্ষা, ডিজিটেল প্রযুক্তি আৰু নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত শক্তিশালী অংশীদাৰিত্বক উৎসাহিত কৰে।

ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্রমণে পূব ইউৰোপৰ সৈতে ভাৰতৰ সম্পর্কক এক নতুন গতি প্রদান কৰিছে আৰু মোলদোভা, উত্তৰ মেচিডোনিয়া আৰু ৰোমানিয়াৰ সৈতে দ্বিপাক্ষিক সম্পর্ক অধিক গভীৰ কৰি তুলিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।