আন্তৰ্জাতিক সংবাদ

September 13, 2026 10:42 AM

views 23

ব্রীকচ ৰাষ্ট্ৰসমূহে পৰৱৰ্তী ২০ বছৰৰ বাবে নতুন আৰু অভিলাসী কার্যসূচী সন্দৰ্ভত কাম কৰা উচিত বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মন্তব্য

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাৰত মণ্ডপমত অনুষ্ঠিত ব্রীকচ ৰাষ্ট্ৰগোষ্ঠীৰ অষ্টাদশ সন্মিলনত তেওঁৰ সামৰণি মন্তব্যত কয় যে নতুন দিল্লী ঘোষণা পত্রই সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া সংকল্পক স্পষ্ট দিশ প্রদর্শন কৰিব। তেওঁ কয় যে এতিয়া এই প্রস্তাবসমূহক দৃঢ় ফলাফললৈ ৰূপান্তৰিত কৰাটো সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া দায়ি...

September 13, 2026 10:35 AM

views 17

ব্রীকচ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ পেহেলগাম সন্ত্রাসবাদী আক্রমণক তীব্ৰ গৰিহণা

ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে বিগত বৰ্ষৰ ২২ এপ্ৰিলৰ জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে। এটা যুটীয়া বিবৃতিত ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে সকলো প্ৰকাৰৰ সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্পৰ কথা দোহাৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ব্রীকচ ৰাষ্টগোষ্ঠীৰ অষ্ট...

September 11, 2026 10:44 AM

views 7

পূব কংগোৰ বুকাভু চহৰত ভয়াৱহ অগ্নিকাণ্ডত কমেও ২৬ গৰাকী ছাত্র-ছাত্রী নিহত

পূব কংগোৰ বুকাভু চহৰত কালি দুখন সংলগ্ন বিদ্যালয়ত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত কমেও ২৬ গৰাকী ছাত্র-ছাত্রী নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে। দক্ষিণ কিভু প্রাদেশিক চৰকাৰে প্ৰকাশ কৰা মতে, নিহতসকলৰ মাজৰ ১৯ গৰাকী ছাত্ৰী আৰু ৭ গৰাকী ছাত্র। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশঙ্কা কৰা হৈছে। চহৰখন নিয়ন্ত্ৰণ কৰা...

September 11, 2026 10:38 AM

views 22

কর্মসংস্থাপনভিত্তিক ভিছা ধাৰকক ৬০ দিনীয়া ৰেহাইৰ সময়সীমা প্রত্যাহাৰৰ প্ৰস্তাৱ আমেৰিকাৰ

আমেৰিকাৰ ট্রাম্প প্রশাসনে চাকৰি হেৰুওৱাৰ পাছত এইচ-ৱান বি আৰু অন্যান্য কর্মসংস্থাপনভিত্তিক ভিছা ধাৰকসকলক আমেৰিকাত থাকিবলৈ দিয়া ৬০ দিনীয়া ৰেহাইৰ সময়সীমা প্রত্যাহাৰ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এই পদক্ষেপে নতুন নিয়োগকর্তা বিচাৰিবলৈ বা প্রব্রজন বিকল্প গ্রহণ কৰিবলৈ থকা সময়সীমা যথেষ্ট সংকুচিত কৰিব। ৰাষ্ট্ৰীয় গ...

September 6, 2026 7:25 PM

views 14

নেপালত আকস্মিক বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৩৪৪ লৈ বৃদ্ধি

নেপালত আকস্মিক বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৩৪৪ হৈছে। বানৰ পাছৰে পৰা ৫৯০ গৰাকী বিদেশী নাগৰিকসহ প্রায় পাঁচ হাজাৰ গৰাকী লোক সন্ধানহীন হৈ আছে। চুবুৰীয়া ৰাষ্ট্ৰখনত বৰ্তমানলৈকে ১৩১০০ গৰাকী লোকক উদ্ধাৰ কৰা হৈছে। নুৱাকোট জিলাৰ এটা চাৰিমহলীয়া অট্টালিকাৰ ধবংসস্তূপৰ মাজত ১০ দিন আৱদ্ধ হৈ থকা এগৰাকী ৬০ বছৰীয়...

September 4, 2026 11:49 AM

views 25

বেলজিয়ামৰ প্রধানমন্ত্রী বার্ট ডে বেভাৰৰ সৈতে দেশ দুখনৰ মাজত বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক বাণিজ্য সন্দর্ভত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আলোচনা

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি বেলজিয়ামৰ প্রধানমন্ত্রী বার্ট ডে বেভাৰক সাক্ষাৎ কৰি দেশ দুখনৰ মাজত বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক বাণিজ্য সন্দর্ভত আলোচনা কৰে। দেশ দুখনে সমাগত ৫ বছৰত দুয়োখন দেশৰ মাজৰ ব্যৱসায় দুগুণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে। তেওঁলোকে লগতে সন্ত্রাসবাদৰ মুখামুখি হোৱাৰ বাবে উমৈহতীয়া আৰ...

September 4, 2026 11:47 AM

views 19

ভাৰত আৰু বেলজিয়ামে চাইবাৰ সুৰক্ষা, কৃত্রিম বুদ্ধিমত্তাকে ধৰি আন কেইবাটাও ক্ষেত্ৰৰ সহযোগিতাত অগ্ৰাধিকাৰ দিছে

ভাৰত আৰু বেলজিয়ামে চাইবাৰ সুৰক্ষা, কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত চলা মানৱবিহীন বিমান ব্যৱস্থা, জটিল অস্ত্র শস্ত্ৰকে ধৰি আন কেবাটাও ক্ষেত্ৰৰ সহযোগিতাত অগ্রাধিকাৰ দি আহিছে। নতুন দিল্লীত অনুষ্ঠিত ভাৰত-বেলজিয়ামৰ প্ৰতিৰক্ষাৰ মুখ্য কাৰ্যবাহী বিষয়াৰ বৈঠকত প্ৰতিৰক্ষা ৰাজ্য মন্ত্রী সঞ্জয় শেঠে এইদৰে কয়। মন্ত্ৰীগ...

September 3, 2026 12:16 PM

views 21

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১,২৫০ লৈ বৃদ্ধি

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা এহেজাৰ ২৫০ লৈ বৃদ্ধি হৈছে। হিমালয়ৰ কাষৰীয়া অঞ্চলত মাটিৰ তলৰ বিদ্যুৎ উৎপাদন কেন্দ্ৰ আৰু ভোটে কোশী নৈৰ কাষৰীয়া সুৰংগসমূহত আবদ্ধ হৈ থকা লোকসকলক বৰষুণ আৰু বোকাময় পৰিস্থিতিৰ মাজত উদ্ধাৰৰ ক্ষেত্ৰত উদ্ধাৰকাৰী দলসমূহ অসুবিধাৰ সন্মুখীন হৈছে। এই ঘটনাত সন্ধানহীন ল...

August 11, 2026 12:50 PM

views 35

কলম্বিয়াৰ দক্ষিণ অংশত ৭.৪ প্রাবল্যৰ শক্তিশালী ভূমিকম্পত কমেও ১১১ জন লোকৰ মৃত্যুৰ লগতে ৮৭ গৰাকী লোক আহত

কলম্বিয়াৰ দক্ষিণ অংশত কালি হোৱা এটা ৭.৪ প্রাবল্যৰ শক্তিশালী ভূমিকম্পত কমেও ১১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৮৭ গৰাকী লোক আহত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূগভীয় সমীক্ষাই- ইউ এছ জিঅ'লজিকেল ছাৰ্ভে প্ৰকাশ কৰা অনুসৰি দেশখনৰ ৰাজধানী বগতাৰ পৰা ৪০০ কিলোমিটাৰ দূৰৈৰ পশ্চিমত ছেন জোছ ডেল পামেৰ এই ভূমিকম্পৰ অভিকেন...

August 10, 2026 11:29 AM

views 51

ভাৰত মহাসাগৰ আৰু ভাৰতলৈ ৰেলপথ অন্বেষণ কৰাৰ প্ৰস্তাৱ ৰাছিয়াৰ

ৰাছিয়াই কৌশলগতভাৱে গুৰুত্বপূৰ্ণ সামুদ্রিক পথৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰিবলৈ ভাৰত মহাসাগৰ আৰু ভাৰতলৈ ৰেলপথ অন্বেষণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। ৰাছিয়াৰ উপ-প্রধানমন্ত্রী মৰত খুছনুলিনে কয় যে এই বিকল্প পথ সমূহে হৰমুজ প্রণালী আৰু বছফৰাছ প্রণালীকে ধৰি কৌশলগত জলপথ দুটাৰ সৈতে জড়িত বিপদসমূহ দূৰ কৰাত সহায় কৰিব পা...