বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে কালি আডিছ আবাবাত আফ্রিকাস্থিত ভাৰতীয় মিছনৰ মুৰববীসকলৰ সন্মিলনত অধ্যক্ষতা কৰে। এই উপলক্ষে ড° জয়শংকৰে কয়, যে ভাৰত আৰু আফ্ৰিকাৰ মাজত গ্ল’বেল ছাউথ একতা, কৌশলগত স্বতন্ত্রতা, বহুমুখী আৰু উমৈহতীয়া উন্নয়ন আকাংক্ষাৰ ভিত্তিত গভীৰ সম্পৰ্ক গঢ় লৈ উঠিছে।
ড° জয়শংকৰে ইথপিয়াৰ ৰাজধানী ভাৰত-আফ্রিকা সহযোগিতা সন্দৰ্ভত দৃষ্টিভংগী প্ৰকাশ কৰাৰ এদিন পাছতে আয়োজন কৰা এই সম্মিলন বিশেষ তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে।
শুকুৰবাৰে আডিছ আবাবাৰ আদৱা স্মাৰক সংগ্ৰহালয়ত ভাৰত-আফ্ৰিকাৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত মতপ্রকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে ভৱিষ্যতৰ সহযোগিতাই নিৰ্ভৰশীলতাৰ প্ৰসাৰৰ পৰিৱৰ্তে সামৰ্থ বৃদ্ধিত সহায় কৰা উচিত।
তেওঁ লগতে আফ্রিকাৰ উচিত প্রতিনিধিত্বৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ সাধনৰ বাবে আহ্বান জনায়।