October 12, 2026 11:39 AM | Riyadh Blast

printer

ৰিয়াধৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত হোৱা দ্বিতীয়টো আক্রমণত এজন লোক নিহত, ১১ আহত

ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত হোৱা দ্বিতীয়টো আক্রমণত এজন লোক নিহত হোৱাৰ লগতে ১১ জন আহত হয়। ছৌদি সেনাৰ এগৰাকী মুখপাত্রই জনোৱা মতে কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দত কালি ক্ষেপণাস্ত্ৰৰ আক্ৰমণ হোৱাত যাত্রী অপেক্ষাৰত স্থানত অগ্নিসংযোগ হয়। উল্লেখযোগ্য যে যোৱা শনিবাৰে এই বিমান বন্দৰতে হোৱা প্ৰথমটো আক্রমণত ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০৮ জন লোক আহত হৈছিল।

য়েমেনৰ হুথী বিদ্রোহীয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি বিমান কোম্পানী আৰু যাত্রীসকলক ছৌদি আৰৱৰ বিমান বন্দৰ তথা আকাশমার্গ ব্যৱহাৰ নকৰিবলৈ সতর্ক কৰি দিছে। বিদ্রোহী গোটটোৱে জনোৱা মতে তেওঁলোকে বেলিষ্টিক আৰু ক্রুজ ক্ষেপণাস্ত্ৰৰ লগতে ড্রোনেৰে বিমান বন্দৰটোত আক্রমণ চলায়। দুখীয়ে সকলো ছৌদি বিমান বন্দৰেই তেওঁলোকৰ সম্ভাব্য লক্ষ্য বুলি সতর্কবাণী দিছে। হুথী বিদ্রোহীয়ে প্ৰকাশ কৰা অনুসৰি য়েমেনৰ গৃহযুদ্ধত চৰকাৰী পক্ষক ছৌদি আৰৱে সমর্থন যোগোৱা আৰু ছানা বিমান বন্দৰত আক্ৰমণ চলোৱাৰ প্ৰত্যুত্তৰ হিচাপে এই আক্রমণ চলাইছে।

ইপিনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে কয় যে হুথী বিদ্রোহীৰ আক্ৰমণক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰই শীঘ্রেই সিদ্ধান্ত ল’ব। আনহাতে ব্রিটেইনৰ প্ৰতিৰক্ষা মন্ত্রী ৱেছ স্ট্রিটিঙে ব্রিটেইনে ছৌদি আৰৱক আৰু অধিক সমর্থন আগবঢ়াব পাৰে বুলি ইংগিত দিছে।

ইফালে ছথী বিদ্রোহীৰ প্ৰথমটো আক্ৰমণত নিহত হোৱা সকলৰ ভিতৰত এজন ভাৰতীয়ও আছে বুলি জানিব পৰা গৈছে। ৰিয়াধৰ ভাৰতীয় দূতাবাসে সামাজিক মাধ্যমৰ এটা বার্তাত প্রকাশ কৰা মতে আহত লোকজনৰ কালি মৃত্যু হয়। দূতাবাসে নিহত ব্যক্তিগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি কয়, যে মৃতদেহটো দেশলৈ ঘূৰাই পঠোৱাৰ বাবে যাবতীয় ব্যবস্থা গ্রহণকে ধৰি সকলো প্ৰকাৰৰ সহায়ৰ বাবে পৰিয়ালটোৰ সৈতে সংযোগত আছে। যোৱা শনিবাৰৰ এই আক্রমণত প্রায় ৩০০ জন আহত লোকৰ ভিতৰত ১০ জন ভাৰতীয় আছে।

বৈদেশিক পৰিক্ৰমা মন্ত্রী ৬০ এছ জয়শংকৰে কয় যে ৰিয়াধৰ বিমান বন্দৰৰ এই আক্ৰমণৰ পাছত ভাৰতীয় দূতাবাসে প্রয়োজনীয় সকলো ব্যৱস্থা গ্রহণ কৰিছে। সাম্প্রতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় দূতাবাসে ছৌদি আৰৱত থকা সকলো ভাৰতীয়ক সতর্ক হৈ থাকিবলৈ আৰু পৰা পক্ষত ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিছে। তেওঁলোকক চৰকাৰী চেনেলৰ জৰিয়তে স্থানীয় কর্তৃপক্ষই জাৰি কৰা পৰামৰ্শাৱলীসমূহ মানি চলিবলৈ আহ্বান জনোৱা হৈছে। দূতাবাসৰ কৰ্তৃপক্ষই আহত ভাৰতীয় লোক চিকিৎসাধীন হৈ থকা সকলো হাস্পতাল পৰিদৰ্শন কৰিছে।

ইপিনে নতুন দিল্লীয়ে এই আক্রমণক তীব্ৰ গৰিহণা দিছে। এটা বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে কয় যে অসামৰিক লোক আৰু অসামৰিক আন্তঃগাঁথনিৰ ওপৰত বাৰে বাৰে আক্রমণ চলোৱাটো সম্পূৰ্ণৰূপে অগ্রহণযোগ্য আৰু শীঘ্রেই এই আক্রমণ বন্ধ হোৱা উচিত। ছৌদি আৰৱৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত ভাৰত ইয়াৰ জনসাধাৰণ আৰু চৰকাৰৰ সৈতে আছে আৰু শীঘ্রে দেশখনলৈ শান্তি আৰু স্বাভাবিক অৱস্থা ঘূৰি আহিব বুলি বিবৃতিটোত আশা কৰা হৈছে।