October 12, 2026 11:39 AM

views 8

ৰিয়াধৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত হোৱা দ্বিতীয়টো আক্রমণত এজন লোক নিহত, ১১ আহত

ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত হোৱা দ্বিতীয়টো আক্রমণত এজন লোক নিহত হোৱাৰ লগতে ১১ জন আহত হয়। ছৌদি সেনাৰ এগৰাকী মুখপাত্রই জনোৱা মতে কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দত কালি ক্ষেপণাস্ত্ৰৰ আক্ৰমণ হোৱাত যাত্রী অপেক্ষাৰত স্থানত অগ্নিসংযোগ হয়। উল্লেখযোগ্য যে যোৱা শনিবাৰে এই বিমান বন্দৰতে হোৱা প্ৰথমটো আক্রমণত ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০৮ জন লোক আহত হৈছিল। য়েমেনৰ হুথী বিদ্রোহীয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি বিমান কোম্পানী আৰু যাত্রীসকলক ছৌদি আৰৱৰ বিমান বন্দৰ তথা আকাশমার্গ ব্যৱ...