ৰিয়াধত থকা ভাৰতীয় দূতাবাসে চৌদি আৰবৰ শেহতীয়া পৰিস্থিতিলৈ চাই দেশখনত বাস কৰা ভাৰতীয় নাগৰিকসকলক সতর্ক হৈ আৰু ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে। দূতাবাস কর্তৃপক্ষই লগেত ভাৰতীয় নাগৰিকসকলক ঘটনাৰ সৈতে জড়িত ভিডিঅ আৰু বাতৰি প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। তেওঁলোকক লগতে স্থানীয় কর্তৃপক্ষই জাৰি কৰা নীতি-নির্দেশনা মানি চলিবলৈ কোৱা হৈছে। ৰিয়াধত থকা ভাৰতীয় দূতাবাস আৰু জেড্ডাহত থকা বাণিজ্যিক দূতাবাস আৰু ভি এফ এছৰ মাধ্যমেৰে প্ৰদান কৰা আউট চ’ৰ্চড সেৱা স্বাভাবিকভাবে চলি আছে। প্রবাসী ভাৰতীয় সহায় কেন্দ্ৰৰ অহর্নিশে খোলা থকা হেল্পলাইন নম্বৰো সক্রিয় হৈ আছে। এই বিনামূলীয়া হেল্পলাইন নম্বৰটো হৈছে ৮০০২৪ ৭১২৩৪।
Assamese | October 9, 2026 11:21 AM | Saudi Arab Situation
চৌদি আৰবত বাস কৰা ভাৰতীয় নাগৰিকসকলক সতর্ক হৈ থাকিবলৈ আহ্বান দূতাবাসৰ