আন্তৰ্জাতিক সংবাদ

November 6, 2025 2:41 PM

views 81

ইজৰাইলৰ সেনা বাহিনীয়ে হামাছ সন্ত্ৰাসবাদীক নির্মূল কৰিব

■ ইজৰাইলৰ সেনা বাহিনীয়ে হামাছ সন্ত্ৰাসবাদী নির্মূল আৰু গাজাৰ ইজৰাইলৰ নিয়ন্ত্ৰণত থকা অঞ্চলসমূহত থকা সুৰংগ ধ্বংস কৰি যাব বুলি দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাজে প্ৰকাশ কৰিছে। ৰাফাত বন্দী কৰি ৰখা হামাছৰ সন্ত্ৰাসবাদীক গাজা ষ্ট্ৰীপলৈ ঘূৰাই পঠোৱাৰ বাবে আমেৰিকাই ইজৰাইলক আহ্বান জনোৱা বুলি তথ্য প্ৰকাশৰ ...

November 2, 2025 11:08 AM

views 90

বাহৰেইনৰ বিদেশমন্ত্রী আব্দুল্লাটিফ বিন ৰছিদ আলজায়ানিৰ দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত

বাহৰেইনৰ বিদেশমন্ত্রী আব্দুল্লাটিফ বিন ৰছিদ আলজায়ানি দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হয়। এই ভ্ৰমণৰ সময়ছোৱাত বাহৰেইনৰ বিদেশমন্ত্ৰীগৰাকীয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰক সাক্ষাৎ কৰিব। যোৱা বছৰ ডিচেম্বৰত ৬০ এছ জয়শংকৰৰ বাহৰেইন ভ্ৰমণৰ পিছতে আব্দুল্লাটিফ বিন ৰছিদ আলজায়ানি...

November 2, 2025 10:59 AM

views 88

নাইজেৰিয়াৰ বিৰুদ্ধে সাম্ভাব্য সামৰিক ব্যৱস্থাৰ বাবে সাজু হৈ থাকিবলৈ যুদ্ধ বিভাগক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ নির্দেশ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে নাইজেৰিয়াৰ বিৰুদ্ধে সাম্ভাব্য সামৰিক ব্যৱস্থাৰ বাবে সাজু হৈ থাকিবলৈ যুদ্ধ বিভাগক নির্দেশ দিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ট্রাম্পে কয়, যে যদিহে নাইজেৰিয়াই খ্রীষ্টধর্মী লোকসকলৰ হত্যাৰ বিৰুদ্ধে কার্যব্যৱস্থা গ্রহণত ব্যর্থ হয়, তেন্তে আমেৰিকাই শীঘ্ৰে দেশখনলৈ সকলো ধৰণ...

November 1, 2025 12:30 PM

views 77

মেলিছা ঘূর্ণীবতাহৰ ফলত জামাইকাত কমেও ১৯ জন লোকৰ মৃত্যু

জামাইকাত মেলিছা নামৰ ঘূর্ণীবতাহৰ ফলত কমেও ১৯ জন লোকৰ মৃত্যু হৈছে। জামাইকাৰ তথ্য মন্ত্ৰী ডানা মৰিছ ডিকছনে জনোৱা মতে ঘূর্ণীবতাহত বেয়াকৈ ক্ষতিগ্রস্ত অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত আছে। বহু অঞ্চল সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰাৰ লগতে অধিক সংখ্যক দ্বীপতে বিদ্যুৎ কর্তন হৈছে। জনসাধাৰণে বান আৰু বোকাৰ পৰা তেওঁল...

October 29, 2025 8:48 PM

views 150

চৌদি আৰৱত কালিৰে পৰা ৩ নৱেম্বৰলৈ প্ৰবাসী পৰিচয় অনুষ্ঠান

ৰিয়াধত থকা ভাৰতীয় দূতাবাসে ভাৰতৰ বৰ্ণিল সংস্কৃতিক বিশ্ব দৰবাৰত আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে ২০২৩ চনৰ পৰা প্ৰবাসী পৰিচয় নামৰ অনুষ্ঠানৰ আয়োজন কৰি আহিছে। এই বছৰৰ প্ৰবাসী পৰিচয় অনুষ্ঠান কালিৰে পৰা ৩ নৱেম্বৰলৈ চৌদি আৰৱত অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠানত প্রবাসী ভাৰতীয় সংস্থাসমূহে শাস্ত্রীয় নৃত্য, সংগীত, লোককল...

October 26, 2025 8:37 PM

views 83

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে একবিংশ শতিকা ভাৰত আৰু আচিয়ানৰ শতিকা বুলি অভিহিত কৰিছে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে একবিংশ শতিকা ভাৰত আৰু আচিয়ানৰ শতিকা বুলি অভিহিত কৰিছে। মালয়েছিয়াত অনুষ্ঠিত আছিয়ান ভাৰত শীর্ষ সন্মিলনত ভার্চুৱেল ব্যৱস্থাৰে ভাষণ দি প্রধানমন্ত্রীয়ে আজি কয় যে ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰীগোষ্ঠীয়ে বিশ্বৰ প্রায় এক চতুর্থাংশ জনসংখ্যাক প্রতিনিধিত্ব কৰে। তেওঁ কয়, যে ভাৰত আৰু আছিয়া...

October 26, 2025 12:11 PM

views 71

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন দুদিনীয়া ভ্রমণসূচীৰে ছিচেলছলৈ ৰাওনা

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি দুদিনীয়া ভ্রমণসূচীৰে ছিচেলছলৈ ৰাওনা হ'ব। ছিচেলছৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড০ পেট্রিক হাৰ্মিনিৰ শপত গ্রহণ অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাষ্ট্ৰপতিগৰাকী এই ভ্রমণলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কয়, যে এই ভ্ৰমণৰ সময়ত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ড০ হামি...

October 26, 2025 11:42 AM

views 162

মালয়েছিয়াৰ কুৱালালামপুৰত অন্তৰ্ভুক্তি আৰু বহনক্ষমতা সম্পৰ্কীয় শীৰ্ষ সন্মিলনৰ সৈতে ৪৭ সংখ্যক আছিয়ান শীর্ষ সন্মিলন অনুষ্ঠিত

মালয়েছিয়াৰ কুৱালালামপুৰত আজিৰে পৰা অন্তৰ্ভুক্তি আৰু বহনক্ষমতা সম্পৰ্কীয় শীৰ্ষ সন্মিলনৰ সৈতে ৪৭ সংখ্যক আছিয়ান শীর্ষ সন্মিলন অনুষ্ঠিত হ'ব। আছিয়ান শীর্ষ সন্মিলনত উদ্বোধনী অনুষ্ঠানত আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ সকলো সদস্য ৰাষ্ট্ৰৰ নেতাসকল উপস্থিত থাকিব। এই সন্মিলনত তিম'ৰ – লেষ্টেক আছিয়ান ৰাষ্ট্ৰগোষ্ঠীত ...

October 24, 2025 12:55 PM

views 129

তেহৰিক-ঈ-লাবাইক পুনৰ নিষিদ্ধ ঘোষণা পাকিস্তান চৰকাৰৰ

পাকিস্তান চৰকাৰে দেশখনৰ সন্ত্রাসবাদ প্ৰতিৰোধী আইনৰ অধীনত তেহৰিক-ঈ-লাবাইক পাকিস্তান TLP ক পুনৰ নিষিদ্ধ ঘোষণা কৰিছে। শেহতীয়াকৈ দেশখনত হোৱা হিংসাত্মক প্রতিবাদত কেইবাগৰাকীও লোক নিহত আৰু ভালেসংখ্যক লোক আহত হোৱাৰ পিছতে এই সিদ্ধান্ত গ্রহণ কৰা হয়। কালি এখন কেবিনেট বৈঠকৰ পাছত এই বিষয়ে ঘোষণা কৰা হয়।

October 22, 2025 2:54 PM

views 77

ইজৰাইলে দুবছৰ পূৰ্বে গাজাত হামাছে পণবন্দী কৰা দুগৰাকী অচিনাক্ত ইজৰাইলী পণবন্দীৰ মৃতদেহ লাভ কৰিছে

● ইজৰাইলে দুবছৰ পূৰ্বে গাজাত হামাছে পণবন্দী কৰা দুগৰাকী অচিনাক্ত ইজৰাইলী পণবন্দীৰ মৃতদেহ লাভ কৰিছে। দেশখনৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা মতে হামাছে কালি গাজাত ৰেডক্ৰছক পণবন্দী দুগৰাকীৰ কফিন ছমজাই দিয়ে। উক্রছে কফিন দুটা ইজৰাইলী সামৰিক বাহিনীৰ হাতত অৰ্পন কৰে। মৃতদেহ দুটা তেল আভিভত থকা ৰাষ্ট্ৰীয...