আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চ সদন চিনেটে জ্যেষ্ঠ কূটনীতিবিদ ছাৰ্জিঅ’ গৰক নতুন দিল্লীস্থিত দেশখনৰ ৰাষ্ট্ৰদূত হিচাপে ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে দিয়া নিযুক্তিত অনুমোদন জনাইছে। তেওঁ অচিৰেই নতুন দিল্লীৰ মার্কিন দূতাবাসত কাৰ্যভাৰ গ্ৰহণ কৰিব। উল্লেখযোগ্য যে ৩৮ বছৰীয়া ছাৰ্জিঅ’ গৰ হৈছে ভাৰতত ৰাষ্ট্রদূত হিচাপে নিযুক্তি লাভ কৰা কনিষ্ঠতম মার্কিন কূটনীতিবিদ। গৰৰ লগতে দূতাবাসত নিযুক্তি লাভ কৰা আন কূটনীতিবিদ আৰু বিষয়াসকলেও ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ওচৰত আনুষ্ঠানিকভাৱে তেওঁলোকৰ পৰিচয় পত্ৰ প্ৰদান কৰিব।
Assamese | November 10, 2025 5:53 PM | Akashvani | Akashvani News | Donald Trump
আমেৰিকা যুক্তৰাষ্ট্ৰৰ জ্যেষ্ঠ কূটনীতিবিদ ছাৰ্জিঅ’ গৰক নতুন দিল্লীস্থিত দেশখনৰ ৰাষ্ট্ৰদূত হিচাপে ৰাষ্ট্ৰপতি ট্রাম্পে দিয়া নিযুক্তিত অনুমোদন