July 8, 2026 7:46 PM

views 11

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীৰ বাবে উদ্যমিতা বিকাশ কাৰ্যসূচীৰ প্ৰশিক্ষণ আৰম্ভ

ৰাজ্যৰ বিভিন্ন জিলাত আজি মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীসকলৰ বাবে উদ্যমিতা বিকাশ কাৰ্যসূচীৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। যোৰহাট জিলাৰ ডি চি বি ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কাজিৰঙাৰ সাংসদ কামাখ্যা প্রসাদ তাছাই এই প্রশিক্ষণ কার্যসূচী উদ্বোধন কৰে। আত্মনিৰ্ভৰ অসম: স্বাৱলম্বনৰ...

July 8, 2026 7:39 PM

views 9

চলিত মাহৰ প্ৰতি শুকুৰ-শনিবাৰে ডিমা হাছাও জিলাত বিভিন্ন পর্যটনস্থলীত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত

ডিমা হাছাও জিলাত পর্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদে পর্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে জিলাখনৰ বিভিন্ন পর্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত লৈছে। হাফলঙৰ পৰ্যটক তথ্য কেন্দ্ৰত অনুষ্ঠিত এখন সংবাদ মেলত কালি ডিমা হাছাও পৰ্য...

July 8, 2026 7:36 PM

views 8

AJAY অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ

প্রধানমন্ত্রী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। কামৰূপ জিলাৰ অনুসূচিত জাতিৰ ১৫০টা আত্মসহায়ক গোটক এই আঁচনিৰ অধীনত ২৫ হাজাৰৰ পৰা ৫০ হাজাৰ টকাকৈ বিত্তীয় সাহায্য প্রদান কৰা হয়। আমিনগাঁৱৰ বায়োটেক উদ্যানৰ সভাকক্ষত এই উপলক্ষে আয়োজিত অ...

July 8, 2026 7:29 PM

views 4

কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্রতিনিধি দলৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন

কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্রতিনিধি দলে আজি ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। দলটোৱে বানবিধবস্ত অৰুণ চাপৰি, মধুপুৰ, মাজৰবাৰী, আনন্দ নগৰ, চিমেন নদীৰ ৰে'লৱে দলং, লেকু নৈ, কেমি দলং আদিকে ধৰি বহুকেইটা অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষয়-ক্ষতিৰ বুজ লয়। প্রতিনিধি দল...

July 8, 2026 7:07 PM

views 7

অসমত মুঠ ২৭,৫৮,৭৫৭ হেক্টৰ কৃষিভূমি আছে : মন্ত্ৰী পীযুষ হাজৰিকা

অসমত মুঠ ২৭ লাখ ৫৮ হাজাৰ ৭৫৭ হেক্টৰ কৃষিভূমি আছে আৰু ইয়াৰে ৬ লাখ ৫২ হাজাৰ হেক্টৰ ভূমি জলসিঞ্চন ব্যৱস্থাই সামৰি লৈছে। বিধানসভাত আজি বিধায়ক বেবী বেগমৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এই কথা প্রকাশ কৰে। তেওঁ কয় যে ৰাজ্যত মুঠ ৩ হাজাৰ ৫১০খন জলসিঞ্চন আঁচনি আছে আৰু ...

July 8, 2026 6:39 PM

views 11

অসম বিধানসভাৰ অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা

অসম বিধানসভাৰ অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যক্ৰমণিকাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। বিশেষকৈ বিৰোধী বিধায়ক ৰেকিবুদ্দিন আহমেদে অবৈধ দখল সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই সীমান্তৱৰ্তী ৰাজ্যসমূহে দখল কৰা অসমৰ ভূমিৰ তথ্য সদনত সদৰি কৰে। মন্ত্ৰীগৰাক...

July 8, 2026 2:20 PM

views 14

প্রধানমন্ত্ৰী মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্রাব’ৰ’ ছুবিয়াণ্টৰ সৈতে দেশখনৰ যোগ্যকৰ্তাত থকা ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ প্ৰস্থানন মন্দিৰ দৰ্শন কৰে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্রাব’ৰ’ ছুবিয়াণ্টৰ সৈতে দেশখনৰ যোগ্যকৰ্তাত থকা ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ প্ৰস্থানন মন্দিৰ দৰ্শন কৰে। মন্দিৰ চৌহদত প্রধানমন্ত্ৰীগৰাকীক দেশখনৰ থলুৱা সংগীত আৰু শাস্ত্ৰীয় নৃত্যৰে আদৰণি জনোৱা হয়। দুয়োদেশৰ নেতা দুগৰাকীয়ে নৱম শতিকাত নিৰ্মিত ...

July 8, 2026 2:16 PM

views 12

দেশৰ হস্ততাঁত খণ্ডক শক্তিশালী কৰাৰ বাবে HANDLOOM-HACKATHON-2026 আৰম্ভ

দেশৰ হস্ততাঁত খণ্ডক শক্তিশালী কৰাৰ বাবে বস্ত্ৰ মন্ত্ৰালয়ে প্রযুক্তি, শৈলী, উদ্যমিতা আৰু বহনক্ষম সমাধান কৌশল ব্যৱহাৰ কৰি ৰাষ্ট্ৰীয় উদ্ভাৱন প্ৰত্যাহ্বান HANDLOOM-HACKATHON -2026 আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস, ২০২৬ উদযাপনৰ অংশ হিচাপে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইয়াত পঞ্জীয়নৰ বাবে ২০ জুলাই ...

July 8, 2026 2:16 PM

views 12

ভাৰতে সামগ্ৰী চুক্তিৰ সৈতে জড়িত ত্রয়োদশ এছিয়ান-ভাৰত বাণিজ্য অর্থাৎ এ আই টি আই জি এ-ৰ বাবে নতুন দিল্লীত যুটীয়া সমিতিৰ বৈঠকৰ আয়োজন

ভাৰতে সামগ্ৰী চুক্তিৰ সৈতে জড়িত ত্রয়োদশ এছিয়ান-ভাৰত বাণিজ্য অর্থাৎ এ আই টি আই জি এ-ৰ বাবে নতুন দিল্লীত যুটীয়া সমিতিৰ বৈঠকৰ আয়োজন কৰিছে। এই বৈঠকতে এছিয়ান-ভাৰত বাণিজ্য চুক্তিৰ পৰ্যালোচনা কৰা হ'ব। যুটীয়া সমিতিৰ বৈঠক আৰু আনুষংগিক বৈঠকসমূহ পৰহিলৈ সামৰণি পৰিব। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ সূত্ৰই ...

July 8, 2026 2:08 PM

views 25

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ’ব

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ'ব। শুকুৰবাৰে বোষ্টন ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা ১.৩০ বজাত হ’বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্রতিযোগিতাত কালি ছুইজাৰলেণ্ডে পেনাল্টি শুটআউটত কলম্বিয়াক ৪-৩ গ'লত পৰাস্ত ক...