July 8, 2026 2:07 PM

views 7

যোৰহাট জিলাৰ চিনামৰা চাহ বাগিচাত আজি এবিধ বিশেষ কাঠফুলা খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত

যোৰহাট জিলাৰ চিনামৰা চাহ বাগিচাত আজি এবিধ বিশেষ কাঠফুলা খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। বাগিচাখনৰ কিশোৰী ক্লাবৰ সদস্যাসকলৰ বাবে আয়োজন কৰা এই প্রশিক্ষণ কাৰ্যসূচী যোৰহাট জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক তথা অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা০ ভক্তিময় ভট্টাচার্যই উদ্বোধ...

July 8, 2026 1:59 PM

views 16

“১০ জুলাইত বিধানসভাত উত্থাপন হ’বলগীয়া ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব”- বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা

অহা ১০ জুলাইত বিধানসভাত উত্থাপন হ'বলগীয়া ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব বুলি বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয়, যে জনসাধাৰণে বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপিক শাসনভাৰ অৰ্পণ কৰিছে আৰু এ...

July 8, 2026 1:55 PM

views 10

ব্ৰীকচ সদস্য ৰাষ্ট্ৰৰ মাদক দ্রব্য বিৰোধী সংস্থাৰ মুৰব্বীসকলৰ গুৱাহাটীত অনুষ্ঠিত দুদিনীয়া বৈঠকৰ কালি সামৰণি পৰে

ব্ৰীকচ সদস্য ৰাষ্ট্ৰৰ মাদক দ্রব্য বিৰোধী সংস্থাৰ মুৰব্বীসকলৰ গুৱাহাটীত অনুষ্ঠিত দুদিনীয়া বৈঠকৰ কালি সামৰণি পৰে। কালিৰ কাৰ্যসূচীত গ্ৰহণ কৰা ঘোষণা পত্রমর্মে মাদক দ্রব্যমুক্ত বিশ্ব গঢ়ি তোলাৰ বাবে সংকল্প গ্রহণ কৰা হয়। কেন্দ্ৰীয় মাদক দ্রব্য নিয়ন্ত্রণ সংস্থাৰ সঞ্চালক প্রধান অনুৰাগ গাৰ্গে দেশত ব্ৰীকচ্...

July 8, 2026 1:49 PM

views 5

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি লোক ভৱনত ৰাজ্যপাল শ্রী লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ কৰি ৰাজ্যখনৰ উচ্চ শিক্ষা খণ্ডক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। তেওঁ উচ্চ শিক্ষাৰ গুণগত মান বৃদ্ধি কৰা, শিক্ষাৰ সুযোগসমূহ সম্প্ৰসাৰণ কৰা আৰু গৱেষণা, উদ্ভাৱন তথা শৈক্ষিক উৎকৃষ্টতাৰ বাব...

July 8, 2026 1:46 PM

views 2

অসমীয়া সাহিত্যৰ এগৰাকী সফল গল্পকাৰ, ঔপন্যাসিক চন্দ্ৰ প্ৰসাদ শ‍ইকীয়াৰ আজি ওপজা দিন

অসমীয়া সাহিত্যৰ এগৰাকী সফল গল্পকাৰ, ঔপন্যাসিক চন্দ্ৰ প্ৰসাদ শ‍ইকীয়াৰ আজি ওপজা দিন। শিৱসাগৰৰ আমগুৰিত ১৯২৭ চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰা শ‍ইকীয়াই কটন কলেজ আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা উচ্চশিক্ষা গ্ৰহণ কৰিছিল। তেওঁ কৰ্মজীৱনৰ আৰম্ভণিতে দি আছাম ট্ৰিবিউন কাকতৰ উপ-সম্পাদক হিচাপে যোগদান কৰি পাছলৈ অসম ...

July 8, 2026 1:43 PM

views 9

সেউজ শপত উদ্যান আঁচনিৰ অধীনত ধুবুৰী বন বিভাগৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী অনুষ্ঠিত

ৰাজ্য চৰকাৰৰ জন্মদিন সেউজ শপত উদ্যান আঁচনিৰ অধীনত ধুবুৰী বন বিভাগৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত কালি গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ ঐতিহাসিক খুদিমাৰী গাঁৱৰ দুর্গামন্দিৰ প্ৰাংগণত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ধুবুৰী বন বিভাগৰ বন সংমণ্ডল বিষয়া গোলাপ বনিয়াৰ লগতে বিভ...

July 8, 2026 1:35 PM

views 12

ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত ছুইজাৰলেণ্ডে পেনাল্টি শুটআউটত কলম্বিয়াক ৪-৩ গ’লত পৰাস্ত কৰি ১৯৫৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত কালি ছুইজাৰলেণ্ডে পেনাল্টি শুটআউটত কলম্বিয়াক ৪-৩ গ'লত পৰাস্ত কৰি ১৯৫৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। পেনাল্টিৰ পূৰ্বে খেলখনত অতিৰিক্ত সময়ৰ অন্তত দুয়োটা দলে ০-০ গ'লত সমতা স্থাপন কৰিছিল। আন এখন ৰাউণ্ড অৱ ১৬ৰ খেলত আর্জেণ্টিনাই আটলান্টাত ইজিপ্তক ৩-...

July 8, 2026 1:13 PM

views 12

যোৰহাট জিলাৰ ষ্টেডিয়াম চৌহদত চি এম ফিফা ফেন পার্ক উদ্বোধন

যোৰহাট জিলাৰ ষ্টেডিয়াম চৌহদত যোৱা নিশা চি এম ফিফা ফেন পার্ক উদ্বোধন কৰা হয়। কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছাই এই পার্ক উদ্বোধন কৰে। অনুষ্ঠানত যোৰহাটৰ জিলা ক্ৰীড়া বিষয়া ৰাহুল শৰ্মা আৰু এ আই আই ডি চি-ৰ অধ্যক্ষ শান্তনু পূজাৰীয়ে ভাষণ দিয়ে। অনুষ্ঠানত যোৰহাটৰ জিলা আয়ুক্ত, জিলা আৰক্...

July 8, 2026 1:13 PM

views 3

ৰাজ্যৰ চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডা০ সিদ্ধার্থ সিঙৰ লেকাইত হ’বলগীয়া সম আন্তঃগাঁথনি আৰু প্ৰযুক্তি প্রতিষ্ঠান স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন

ৰাজ্য চৰকাৰৰ চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডা০ সিদ্ধার্থ সিঙে জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু খোৱাঙৰ সমজিলা আয়ুক্ত জয়ন্ত চৰণ, অতিৰিক্ত জিলা আয়ুক্তৰ সৈতে লেকাইত হ'বলগীয়া অসম আন্তঃগাঁথনি আৰু প্ৰযুক্তি প্রতিষ্ঠান স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰে। বিষয়াগৰাকীয়ে এই পৰিদৰ্শনকা...

July 8, 2026 12:46 PM

views 6

ডিব্ৰুগড় জিলাৰ যাত্ৰীসকলৰ সুবিধা আৰু সঠিক ভাৰা নিয়ন্ত্ৰণৰ অৰ্থে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

ডিব্ৰুগড় জিলাৰ যাত্ৰীসকলৰ সুবিধা আৰু সঠিক ভাৰা নিয়ন্ত্ৰণৰ অৰ্থে জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। চহৰখনত চলাচল কৰা ইলেকট্ৰনিক অটোৰিক্সাসমূহৰ বাবে ডিব্ৰুগড় আঞ্চলিক পৰিবহণ প্ৰাধিকৰণ ব’ৰ্ডে নতুন ভাৰাৰ তালিকাত অনুমোদন জনাইছে। ব'ৰ্ডৰ বৈঠকত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি নতুন ভাৰাৰ হাৰ নিশ্চিত...