ব্ৰীকচ সদস্য ৰাষ্ট্ৰৰ মাদক দ্রব্য বিৰোধী সংস্থাৰ মুৰব্বীসকলৰ গুৱাহাটীত অনুষ্ঠিত দুদিনীয়া বৈঠকৰ কালি সামৰণি পৰে। কালিৰ কাৰ্যসূচীত গ্ৰহণ কৰা ঘোষণা পত্রমর্মে মাদক দ্রব্যমুক্ত বিশ্ব গঢ়ি তোলাৰ বাবে সংকল্প গ্রহণ কৰা হয়।
কেন্দ্ৰীয় মাদক দ্রব্য নিয়ন্ত্রণ সংস্থাৰ সঞ্চালক প্রধান অনুৰাগ গাৰ্গে দেশত ব্ৰীকচ্ ভার্চুৱেল কর্মবাহিনী গঠন কৰি এই ক্ষেত্ৰত কাম কৰি যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গৃহ মন্ত্ৰ্যালয়ৰ অধীনৰ মাদক দ্রব্য নিয়ন্ত্রণ সংস্থাৰ উদ্যোগত সোমবাৰৰ পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰীকছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্রব্য বিৰোধী সংস্থাৰ মুৰব্বী তথা জ্যেষ্ঠ বিষয়াসকলে অংশগ্রহণ কৰে।
ভাৰতীয় প্ৰতিনিধিদলৰ নেতৃত্বত থকা মাদকদ্রব্য নিয়ন্ত্ৰণ ব্যুৰোৰ সঞ্চালকপ্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয়, যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্রব্যসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰীকছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে এই সন্দৰ্ভত স্থিতি দৃঢ় হ’ব লাগিব। তেওঁ ডার্ক নেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদকদ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে৷