অসমীয়া সাহিত্যৰ এগৰাকী সফল গল্পকাৰ, ঔপন্যাসিক চন্দ্ৰ প্ৰসাদ শইকীয়াৰ আজি ওপজা দিন। শিৱসাগৰৰ আমগুৰিত ১৯২৭ চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰা শইকীয়াই কটন কলেজ আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা উচ্চশিক্ষা গ্ৰহণ কৰিছিল। তেওঁ কৰ্মজীৱনৰ আৰম্ভণিতে দি আছাম ট্ৰিবিউন কাকতৰ উপ-সম্পাদক হিচাপে যোগদান কৰি পাছলৈ অসম বাতৰিৰ প্ৰতিষ্ঠাপক, সম্পাদক দায়িত্ব লয়
পৰৱৰ্তী সময়ত তেওঁ অসম প্ৰকাশন পৰিষদৰ সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগতে পৰিষদৰ পৰা প্ৰকাশিত প্রকাশ আলোচনীৰ সম্পাদনা কৰে। নতুন দৈনিক বাতৰি কাকত আৰু গৰিয়সী আলোচনীৰো তেওঁ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল।
মহাৰথী উপন্যাসৰ জৰিয়তে সাহিত্য একাডেমীৰ বঁটা লাভ কৰা শইকীয়াৰ তোৰে মোৰে আলোকৰে যাত্ৰা, এদিন, উত্তৰকাল, সূৰ্যস্নান, মেঘমল্লাৰ, মন্দাক্রান্তা আদি উল্লেখযোগ্য উপন্যাস। কেইবাখনো গল্প সংকলন আৰু ভ্ৰমণ কাহিনীৰে অসমীয়া সাহিত্যক চহকী কৰা চন্দ্ৰ প্ৰসাদ শইকীয়া অসম সাহিত্য সভাৰ হাজো অধিৱেশনৰ সভাপতি আছিল। ২০০৬ চনৰ ৮ আগষ্টত এইগৰাকী বৰেণ্য সাহিত্যগৰাকীৰ মৃত্যু হয়।