July 8, 2026 1:46 PM
1
অসমীয়া সাহিত্যৰ এগৰাকী সফল গল্পকাৰ, ঔপন্যাসিক চন্দ্ৰ প্ৰসাদ শইকীয়াৰ আজি ওপজা দিন
অসমীয়া সাহিত্যৰ এগৰাকী সফল গল্পকাৰ, ঔপন্যাসিক চন্দ্ৰ প্ৰসাদ শইকীয়াৰ আজি ওপজা দিন। শিৱসাগৰৰ আমগুৰিত ১৯২৭ চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰা শইকীয়াই কটন কলেজ আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা উচ্চশিক্ষা গ্ৰহণ কৰিছিল। তেওঁ কৰ্মজীৱনৰ আৰম্ভণিতে দি আছাম ট্ৰিবিউন কাকতৰ উপ-সম্পাদক হিচাপে যোগদান কৰি পাছলৈ অসম বাতৰিৰ প্ৰতিষ্ঠাপক, সম্পাদক দায়িত্ব লয় পৰৱৰ্তী সময়ত তেওঁ অসম প্ৰকাশন পৰিষদৰ সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগতে পৰিষদৰ পৰা প্ৰকাশিত প্রকাশ আলোচনীৰ সম্পাদনা কৰে। নতুন দৈনিক বাতৰি কাকত আৰু গৰিয়সী আলোচ...