প্রধানমন্ত্ৰী মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্রাব’ৰ’ ছুবিয়াণ্টৰ সৈতে দেশখনৰ যোগ্যকৰ্তাত থকা ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ প্ৰস্থানন মন্দিৰ দৰ্শন কৰে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্রাব’ৰ’ ছুবিয়াণ্টৰ সৈতে দেশখনৰ যোগ্যকৰ্তাত থকা ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ প্ৰস্থানন মন্দিৰ দৰ্শন কৰে। মন্দিৰ চৌহদত প্রধানমন্ত্ৰীগৰাকীক দেশখনৰ থলুৱা সংগীত আৰু শাস্ত্ৰীয় নৃত্যৰে আদৰণি জনোৱা হয়।

দুয়োদেশৰ নেতা দুগৰাকীয়ে নৱম শতিকাত নিৰ্মিত এই প্রাচীন মন্দিৰটো দৰ্শন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তাত থকা শিৱ মন্দিৰত পূজা-অৰ্চনা কৰে। দুয়োগৰাকী নেতাই মন্দিৰত খোদিত আটকধুনীয়া নক্সা আৰু কলাকৃতিসমূহো প্ৰত্যক্ষ কৰে। এটা যুটীয়া বিবৃতিত ৰাষ্ট্ৰপতি প্রাব’ৱ’ আৰু প্ৰধানমন্ত্ৰী মোদীয়ে কয়, যে প্রস্থানন মন্দিৰ ভাৰত আৰু ইণ্ডোনেছিয়াৰ শতিকা পুৰণি সভ্যতাৰ বান্ধোনৰ প্ৰতীক স্বৰূপ।

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে মন্দিৰটোৰ পুনৰ উদ্ধাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতৰ সহযোগিতাৰ শলাগ লৈ কয়, যে সাংস্কৃতিক বিনিময়ে ৰাষ্ট্ৰ দুখনৰ মাজত সম্পর্ক শক্তিশালী সেঁতু গঢ়িব। প্রধানমন্ত্ৰী মোদীয়ে মন্দিৰ চৌহদ দৰ্শন কৰাটো গভীৰভাৱে আধ্যাত্মিক আৰু স্মৰণীয় অভিজ্ঞতা বুলি অভিহিত কৰে। তেওঁ প্ৰায় ১২ শতিকা জুৰি এনেধৰণৰ গৌৰৱময় ঐতিহ্য সংৰক্ষণ কৰাৰ বাবে ইণ্ডোনেছিয়াৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে ভাৰত আৰু ইণ্ডোনেছিয়াই প্ৰস্থানন মন্দিৰ চৌহদৰ সংৰক্ষণৰ বাবে সমন্বিত কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল। অতীজতে এই মন্দিৰ চৌহদত চাৰিটা সমকেন্দ্ৰিক শাৰীত বিভক্ত কৰা ২২৪ টা মন্দিৰ আছিল। ইয়াৰে ৬টা এতিয়ালৈকে পুনৰুদ্ধাৰ কৰা হৈছে যদিও দুই শতাধিক ধ্বংসাৱশেষৰ মাজত আছে। প্রত্নতাত্বিক বিশেষজ্ঞ দল আৰু আধুনিক প্ৰযুক্তিৰ সহায়েৰে মন্দিৰ চৌহদৰ উত্তৰ-পূব দিশত এই সংৰক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

বৈজ্ঞানিক অনুসন্ধান, কৃত্রিম বুদ্ধিমত্তা আধাৰিত ডিজিটেল পুনগঠনকে ধৰি বিভিন্ন পদ্ধতিৰে এই কাম কৰা হ’ব। উল্লেখযোগ্য যে নৱম শতিকাত ইণ্ডোনেছিয়াত মাতাৰাম সাম্ৰাজ্যৰ সময়ত নির্মিত এই সর্ববৃহৎ হিন্দু মন্দিৰ চৌহদক ১৯৯১ চনত ইউনেস্ক’ই বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি প্রদান কৰে।