অসমত মুঠ ২৭ লাখ ৫৮ হাজাৰ ৭৫৭ হেক্টৰ কৃষিভূমি আছে আৰু ইয়াৰে ৬ লাখ ৫২ হাজাৰ হেক্টৰ ভূমি জলসিঞ্চন ব্যৱস্থাই সামৰি লৈছে। বিধানসভাত আজি বিধায়ক বেবী বেগমৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এই কথা প্রকাশ কৰে। তেওঁ কয় যে ৰাজ্যত মুঠ ৩ হাজাৰ ৫১০খন জলসিঞ্চন আঁচনি আছে আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষত মেৰামতি শিতানৰ অধীনত ৩৯২খন আঁচনি পুনৰ কাৰ্যক্ষম কৰি তোলা হৈছে। পৰৱৰ্তী বিত্তীয় বৰ্ষত বাকী থকা আঁচনিসমূহ পর্যায়ক্রমে কার্যক্ষম কৰাৰ বাবে ব্যৱস্থা লোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইপিনে, ৰাজ্যত পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা সন্দৰ্ভত বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ কৃষি লোকপিয়ল অনুসৰি ৰাজ্যত ২৭ লাখ ৪১ হাজাৰ ৭১১টা কৃষক পৰিয়াল আছে। তেওঁ কয় যে ইয়াৰে পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা হৈছে ১৩ লাখ দুহেজাৰ ২৪০ আৰু প্রধানমন্ত্রী কিষাণ আঁচনিৰ অধীনত বৰ্তমানলৈকে ১৮ লাখ ৫৯ হাজাৰ ৫২৪জন কৃষকক তালিকাভুক্ত কৰা হৈছে।
Assamese | July 8, 2026 7:07 PM | Assembly Pijush Hazarika
অসমত মুঠ ২৭,৫৮,৭৫৭ হেক্টৰ কৃষিভূমি আছে : মন্ত্ৰী পীযুষ হাজৰিকা